চিৰাং,14 মে'ঃ চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ ব্যৱসায়ী আটক। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত আটক হয় এই দুই ড্ৰাগছ ব্যৱসায়ী । ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে বিজনীৰ কাৱাটিকাৰ আকবৰ আলী (২৮) আৰু নুৰুল হক (৪০)।


ব্যৱসায়ী দুজনৰ পৰা উদ্ধাৰ হয় ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ম'বাইল ফ'ন এটা আৰু তিনি চকীয়া বেটাৰী চালিত এখন বাহন এখন । ইতিমধ্যে বিজনী আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে ।