ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 1, 2022, 5:01 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ

ড্ৰাছৰ ব্যৱসায়ত জড়িত কৰোৱা হৈছে শিশু ছাত্ৰক ৷ লখিমপুৰত বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰৰ পৰা উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ ৷ নিজ পিতৃ-মাতৃয়েই ছাত্ৰজনক জড়িত কৰোৱাইছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত (Drug peddling by schoolboy in Lakhimpur)৷

কটনৰ বাকৰিত প্ৰথমবাৰলৈ মুকলি বিহু

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শনিবাৰে বিশ্ববিদ্যালয় চৌহদত উদযাপন কৰা হয় মুকলি বিহু (Bihu celebration at Cotton University) । বিশ্ববিদ্যালয়ৰৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদগৰাকীয়ে কয়, ‘‘থলুৱা সংস্কৃতিৰে বিহু উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আয়োজন কৰা হৈছে মুকলি বিহু ।

ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

বিগত বছৰত নতুনকৈ কৰ্কট ৰোগত আক্রান্ত হৈছে ১,১০,৮৫৭ জন লোক (cancer cases has increased in Assam)। মৃত্যু ৬৬,৮০০ জনৰ । ৰাজ্যখনৰ ভিতৰত কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । জিলাখনত প্ৰতি ১ লাখ পুৰুষৰ ভিতৰত ২১৩ জন আৰু প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ১৬৯ গৰাকী কৰ্কট ৰোগী । অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী ।

বোকাখাতত দুৰ্বৃত্তৰ আক্ৰমণত আহত টেংকাৰ চালক

বোকাখাতত নিশা টেংকাৰ চালকক দুৰ্বৃত্তৰ আক্ৰমণ ৷ আক্ৰমণত গুৰুত্বৰভাৱে আহত চালকগৰাকী (Tanker driver injured in miscreant attack at Bokakhat) ৷ সুৰাৰ বটল আৰু লো জাতীয় সামগ্ৰীৰে চালকজনক আক্ৰমণৰ সন্দেহ আৰক্ষীৰ ৷

International Labour Day 2022 : শ্ৰমিকসকললৈ বিশেষ আহ্বান মন্ত্ৰী যোগেন মহনৰ

আজি ৰাজ্যজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day celebrates in Assam)। এই দিনটোত শ্ৰমিকসকলক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকক বিশেষ আহ্বান জনালে মন্ত্ৰী যোগেন মহনে । আনহাতে কলগাছিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত শ্ৰমিক দিৱস পালন । মটৰ শ্ৰমিকৰ বিভিন্ন দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান সংগঠনটোৰ ।

বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন

৭ দিন জোৰা কাৰ্যসূচীৰে বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱ গুৰুজনাৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পালন(Damodar dev tirovab tithi at patbaushi satra) ৷ গন্ধোৎসৱ উপলক্ষে পাটবাউসী সত্ৰৰ ৰাইজৰ লগতে দামোদৰদেৱ গুৰুজনাৰ শিষ্যসকলৰ গুৰুজনাৰ স্মৃতিত বন্তি প্ৰজ্বলন ৷

LPG price hike : ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ দাম হ'লগৈ ২,৩৫৫.৫০ টকা

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (Cooking gas prices rise again)। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি । ৫ কিলোগ্ৰামৰ এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ৬৫৫ টকা ।

Cough syrup bottle seized : আগৰতলা ষ্টেচনত লক্ষাধিক টকাৰ কফ চিৰাপৰ বটল জব্দ

আগৰতলা ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল (Cough syrup bottles seized at Agartala railway station)। ত্ৰিপুৰা আৰক্ষী, ৰে'লৱে আৰক্ষী আৰু এণ্টি নাৰ্ক'টিক্স দলৰ যুটীয়া অভিযানত জব্দ নিচাজাতীয় সামগ্ৰীখিনি । শিলচৰৰ পৰা আগৰতলা অভিমুখী ৰে'লখনৰ পৰা জব্দ সামগ্ৰীখিনি ।

কংগ্ৰেছৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ যুৱ নেতাৰ: অগপত যোগদানৰ সম্ভাৱনা

প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ধাৰা । প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে(MLA Rakibul Hussain) কংগ্ৰেছ ত্যাগ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে দলত্যাগ কৰিলে ৰকিবুল হুছেইনৰ এগৰাকী ঘনিষ্ঠ যুৱ কংগ্ৰেছ নেতাই । নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দলত্যাগ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাই(youth congress general secretary quits) । শীঘ্ৰেই অসম গণ পৰিষদত যোগদান কৰাৰ সম্ভাৱনা অভিজিৎ বৰাৰ ।

ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিব্ৰুগড়ৰ জিলাৰ বকুল-জাপিসজীয়া বাইপাছত দেওবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়(One killed in a road accident in Dibrugarh) । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন যুৱক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.