চিৰাং, 3 জানুৱাৰী : চিৰাং জিলা কংগ্রেছ কমিটীৰ উদ্যোগত আৰু বড়োবাজাৰ ব্লক কমিটীৰ সহযোগত বিজনীত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়া হয় । চিৰাঙৰ বিজনী দুলানী নদীৰ বিসর্জন ঘাটত বিসৰ্জন দিয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভস্ম ৷
উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ তথা পুত্ৰ গৌৰৱ গগৈ, বিটিচি কংগ্ৰেছৰ মুখপাত্ৰ জমশ্বেৰ আলী, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি, চিৰাং জিলাৰ কংগ্ৰেছ কমিটীৰ সাাধাৰণ সম্পাদক অনিৰ্বান সেন আৰু চিৰাঙৰ কংগ্ৰেছৰ কৰ্মী তথা গুণমুগ্ধ সকল ।
লগতে পঢ়ক : পশ্চিমবংগত ধৰ্মীয় নেতাৰ সৈতে আছাদউদ্দিন ওৱেচিৰ বৈঠক