ETV Bharat / state

ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতি - 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি

ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙ্গাৰ তিনিখনকৈ গাড়ীৰ অনিষ্টসাধন কৰে একাংশ বিপিএফৰ লোকে ৷ লগতে মহিলা ইউপিপিএলৰ সভানেত্ৰী বিনা গয়াৰীৰ গাড়ীৰো ক্ষতিসাধন কৰে একাংশ লোকে ৷

tens-situation-at-chirang-amid-btc-2nd-phase-polling
ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Dec 10, 2020, 8:22 PM IST

চিৰাং, 10 ডিচেম্বৰ : ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতি ৷ সমষ্টিটোৰ অন্তৰ্গত 18 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ কেন্দ্ৰটোৰ দায়িত্বত থকা বি এল অ' গৰাকীয়ে ভোটাৰ শ্লিপ বিপিএফৰ লোকৰ হাতত গতাই দিয়া বুলি অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ লোকে ৷ ঘটনাক কেন্দ্ৰ কৰি বিপিএফ আৰু ইউপিপিএলৰ সদস্য সকলৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত ৷

ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতি

অভিযোগ মতে, এজন প্ৰাক্তন এন ডি এফ বিৰ সদস্যই শূন্যলৈ গুলীচালনা কৰি পলায়ন কৰে ৷ তাৰ পিচতে ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাৰ তিনিখনকৈ গাড়ীৰ অনিষ্ট সাধন কৰে একাংশ বিপিএফৰ লোকে ৷ লগতে মহিলা ইউপিপিএলৰ সভানেত্ৰী বিনা গয়াৰীৰ গাড়ীৰো ক্ষতি সাধন কৰে একাংশ লোকে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত সেনা-আৰক্ষী বৃহৎ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ৷ ঘটনাক কেন্দ্ৰ কৰি প্ৰায় এঘন্টা সময় ভোট গ্ৰহণ বন্ধ থাকে যদিও তাৰ পিচতে পুনৰ আৰম্ভ হয় ভোট গ্ৰহণ ৷

লগতে পঢ়কঃ বিটিচি নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত বিয়লি 4 বজালৈ 72 শতাংশ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.