ETV Bharat / state

বিতৰ্কত তামৰঙা-দলনী ভোগালী মহোৎসৱ

author img

By

Published : Jan 23, 2020, 3:18 PM IST

Updated : Jan 23, 2020, 5:40 PM IST

উল্লেখ্য যে, চিৰাঙৰ দৈজিং উৎসৱৰ লগত সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও বাস্তৱত একোৱেই নকৰিলে আয়োজকসকলে ৷ ফলত বিমুখ হৈ উভটিব লগা হৈছে মহোৎসৱলৈ অহা পৰ্যটক ৷ ইয়াৰোপৰি বহু পৰিমাণে লোকচানৰ সমুখীন হৈছে মহোৎসৱত দোকান দিবলৈ চলোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷

দৈজিঙৰ পাছতে তামৰঙা-দলনী ভোগালী মহোৎসৱলৈ বাট চাইছিল ৰাইজে..
দৈজিঙৰ পাছতে তামৰঙা-দলনী ভোগালী মহোৎসৱলৈ বাট চাইছিল ৰাইজে..

বঙাইগাঁও , 23 জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ তামৰঙা-দলনী ভোগালী মহোৎসৱৰ নামত আয়োজকৰ ওপৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আধাতে মহোৎসৱ বন্ধ কৰি পলায়ন কৰিছে তামৰঙা-দলনী ভোগালী মহোৎসৱৰ আয়োজকে ৷ দৰাচলতে এই মহোৎসৱত নৌকা বিহাৰ, হাতী চাফাৰি, ঘোৰা চালনা, সাংস্কৃতিক অনুষ্ঠান, জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন, থলুৱা খাদ্য সামগ্ৰীৰ ব্যৱস্থা আদি বিশেষ আকৰ্ষণ হিচাপে ব্যাপকভাৱে প্ৰচাৰ চলাইছিল আয়োজকে। কিন্তু মহোৎসৱত প্ৰকৃত ৰূপত আছিল এখন সাধাৰণ মঞ্চৰ লগতে তোৰণ ৷

মহোৎসৱত নাছিল কোনো ধৰণৰ নৌকা বিহাৰৰ ব্যৱস্থা হাতী চাফাৰিৰ বাবে নাছিল হাতী, ঘোঁৰা চালনাৰ বাবে এটা ঘোঁৰাও মজুত নাছিল মহোৎসৱস্থলীত ৷ ইয়াৰোপৰি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন বা থলুৱা খাদ্য সামগ্ৰী উপলব্ধ নাছিল এই ভোগালী মহোৎসৱত ৷ জানিব পৰা মতে, ১৩ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ তামৰঙা বিলৰ পাৰত আয়োজন কৰা হৈছিল তামৰঙা-দলনী ভোগালী মহোৎসৱৰ ৷ কিন্তু ১৬ জানুৱাৰীতহে আৰম্ভ হৈছিল এই মহোৎসৱ।

বিতৰ্কত তামৰঙা-দলনী ভোগালী মহোৎসৱ

লগতে পঢ়কঃ প্লাষ্টিকৰ বিৰুদ্ধে বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশাৱলী

উল্লেখ্য যে, চিৰাঙৰ দৈজিং উৎসৱৰ লগত সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও বাস্তৱত একোৱেই নকৰিলে আয়োজকসকলে ৷ ফলত বিমুখ হৈ উভটিব লগা হৈছে মহোৎসৱলৈ অহা পৰ্যটক ৷ ইয়াৰোপৰি বহু পৰিমাণে লোকচানৰ সমুখীন হৈছে মহোৎসৱত দোকান দিবলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ আনহাতে তামৰঙা-দলনী মহোৎসৱ আয়োজকৰ এই প্ৰৱঞ্চনাত লজ্জানত সাঁকোমূৰা আৰু যোগীঘোপাবাসী ।

Intro:বঙাইগাঁওৰ অভয়াপুৰীৰ সাঁকোমুৰাত লজ্জাজনক ঘটনা । তামৰঙা-দলনী ভোগালী মহোৎসৱৰ নামত ৰাইজক প্ৰৱঞ্চনা। আধাতে মহোৎসৱ বন্ধ কৰি আয়োজকৰ পলায়ন ।
তামৰঙা-দলনী ভোগালী মহোৎসৱত নৌকা বিহাৰ, হাতী চাফাৰি, ঘোৰা চালনা, সাংস্কৃতিক অনুষ্ঠান, জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন, থলুৱা খাদ্য সামগ্ৰীৰ ব্যৱস্থা আদি বিশেষ আকৰ্ষণ বুলি ব্যাপকভাৱে চলাইছিল প্ৰচাৰ।
কিন্তু সাধাৰণ এখন মঞ্চ আৰু তোৰণৰ বাদে একো ব্যৱস্থাই নকৰিলে আয়োজক সমিতিয়ে । মহোৎসৱত নাছিল নৌকা বিহাৰৰ বাবে এখনো নাওঁ, হাতী চাফাৰিৰ বাবে নাই হাতী, ঘোৰা চালনাৰ বাবে নাই ঘোৰা, নাই সুন্দৰ সাংস্কৃতিক অনুষ্ঠান, নাই জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন, নাই থলুৱা খাদ্য সামগ্ৰীৰ কোনো ব্যৱস্থা।
১৩ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ তামৰঙা বিলৰ পাৰত তামৰঙা-দলনী ভোগালী মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও ১৬ জানুৱাৰীতহে এই মহোৎসৱ আৰম্ভ হৈছিল। চিৰাঙৰ দৈজিং উৎসৱৰে মিলাই আয়োজন কৰিছিল অনুষ্টানৰ । কিন্ত বাস্থৱত একোই নকৰিলে আয়োজক সকলে।
মহোৎসৱলৈ অহা পৰ্যটক বিমুখ হৈ উভটিব লগা হৈছে।
তামৰঙা-দলনী মহোৎসৱ আয়োজকৰ এই প্ৰৱঞ্চনাৰ কাণ্ডত লজ্জানত সাঁকোমূৰা আৰু যোগীঘোপাবাসী।

বাইট দিলো ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।

Body:বঙাইগাঁওৰ অভয়াপুৰীৰ সাঁকোমুৰাত লজ্জাজনক ঘটনা । তামৰঙা-দলনী ভোগালী মহোৎসৱৰ নামত ৰাইজক প্ৰৱঞ্চনা।

Conclusion:বঙাইগাঁওৰ অভয়াপুৰীৰ সাঁকোমুৰাত লজ্জাজনক ঘটনা । তামৰঙা-দলনী ভোগালী মহোৎসৱৰ নামত ৰাইজক প্ৰৱঞ্চনা।
Last Updated : Jan 23, 2020, 5:40 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.