ETV Bharat / state

Super 50 coaching: বি টি আৰ প্ৰশাসনৰ উদ্যোগত UPSC ৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি

author img

By

Published : Jul 21, 2022, 7:41 AM IST

BTR ৰ শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ উদ্দেশ্যে BTR প্ৰশাসনৰ উদ্যোগত UPSC ৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি কৰা হয়(UPSC Super 50 Coaching launched at BTR) । দিল্লীৰ চানক্য IAS একাডেমীৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰে BTR চৰকাৰে(Chanakya IAS Academy) ।

super 50 coaching of upsc launched in btr administration initiative
বিটিআৰ প্ৰশাসনৰ উদ্যোগত UPSC ৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি

চিৰাং,২১ জুলাই: চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ টাউনশ্বিপস্থিত RCCৰ প্ৰেক্ষাগৃহত বুধবাৰে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উদ্যোগত ভাৰতীয়
লোকসেৱা আয়োগৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি অনুষ্ঠান তথা আলোচনা চক্ৰ অনুষ্ঠান অনুষ্ঠিত হয়(UPSC Super 50 Coaching launched at BTR) । বিটিচিৰ পৰা শীৰ্ষ প্ৰশাসনীয় বিষয়া সাজু কৰাৰ বাবে দিল্লীৰ চানক্য IAS একাডেমীৰ সহযোগত প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰে এই UPSC প্ৰশিক্ষণ কাৰ্যসূচী আৰু চেমিনাৰ মুকলি কৰে ৷

বি টি আৰ প্ৰশাসনৰ উদ্যোগত UPSC ৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি

প্ৰতি বছৰে বিটিচিৰ পৰা ৫০ জনকৈ প্ৰাৰ্থীক বিনামুলীয়া এই প্ৰশিক্ষণলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব বুলি জনায় বিটিচি প্ৰশাসনে । বুধবাৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । অনুষ্ঠানৰ শেষত বড়োৱে কয় যে এয়া এক দীৰ্ঘদিনীয়া সপোন আৰু বৰ্তমান ই পূৰ্ণ হোৱাৰ পথত । ইতিমধ্যে ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে । আৰু ইয়াৰে ৫০ গৰাকী ছাত্ৰ ছাত্ৰীক বাচনি কৰা হ'ব ।

আৰ্থিক অভাৱৰ বাবে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে UPSCৰ পঢ়াশুনা সঠিককৈ কৰিব নোৱাৰে । সেয়ে BTR চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰে প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত BTCৰ প্ৰধান সচিব অনুৰাগ গোয়েল, বিটিচি চানক্য IAS একাডেমীৰ প্ৰাক্তন অধ্যক্ষ এ কে মিশ্ৰসহ BTCৰ কেবাগৰাকীও কাৰ্য্যবাহী সদস্য,পাৰিষদ আৰু চিৰাং জিলা উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰী, পৰিক্ষাৰ্থী তথা অন্যন্য কেবাশ লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Zubeen Garg Health Update: জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.