চিৰাং, 16 মাৰ্চ : বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাবে উপস্থিত থাকে শুকুৰ আলী ৷ বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ হিচাবে নিৰ্বাচনী প্ৰচাৰ চলাব শুকুৰ আলীয়ে ৷ কিছুদিন পূৰ্বে বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ থকা আলীয়ে এতিয়া বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে ৷
নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনা কৰাৰ লগতে লাফিকুল হত্যাত এবছু আৰু ইউপিপিএল দল জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে শুকুৰ আলীয়ে ৷
![বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangbpfstarcampaignersukkurali-vis-10012_16032020191535_1603f_02593_395.jpg)
আৰু পঢ়ক : নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ