চিৰাং,16 মাৰ্চ: চিৰাং জিলাৰ এজন সফল কৃষক । নাম আকবৰ আলী আহমেদ ৷ জিলাখনৰ মোজাবাৰী পশ্চিম দেউলগুৰী গাঁৱৰ বাসিন্দা আকবৰ আলী আহমেদ নামৰ যুৱ প্ৰজন্মৰ সফল কৃষকজনে নীৰৱে কৰি গৈছে কৃষি কৰ্ম । যাৰ বাবে প্ৰতিজন লোকৰ বাবে এক আদৰ্শ স্বৰূপ হৈ উঠিছে চিৰাঙৰ এইজন যুৱ কৃষক ৷ যি সময়ত চৰকাৰী চাকৰিৰ আশাত যুৱ প্ৰজন্ম দৌৰি আছে, সেই সময়ত কৃষি কৰ্মকে জীৱিকাৰ পথ হিচাপে বাচি লৈছে এই যুৱ কৃষকজনে ৷
ষ্ট্ৰবেৰী খেতি, ড্ৰেগন খেতি, গুটিবিহীন নেমু খেতি, ৰবাব টেঙা, বিভিন্ন বগৰীকে আদি কৰি কেইবাবিধো প্ৰজাতিৰ ফলৰ খেতি কৰাৰ লগতে বিভিন্ন শস্যৰ খেতি কৰিছে এইজন কৃষকে । বৰ্তমান ১১ বিঘা মাটিত কৃষি কৰ্মৰে সফলতা অৰ্জন কৰা আকবৰ আলী আহমেদে স্বাৱলম্বী হোৱাৰ লগতে আন কেবাজনো লোকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ।
চৰকাৰী কোনো সহায় নোলোৱাকৈ ইউ টিউবৰ জৰিয়তে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰা আকবৰে অনলাইনযোগে বিভিন্ন দেশৰ পৰা পুলি সংগ্ৰহ কৰি সফলভাৱে চলাইছে ব্যৱসায় ।