চিৰাং, 13 এপ্ৰিলঃ চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত বামুনগাঁৱত নিশা চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীয়ে অভিযান চলাই বামুনগাঁও-গাৰ্লাবাৰী সংযোগী পথত বুজন পৰিমাণৰ চোৰাং শাল কাঠ ভৰ্তি দুখন পঞ্জীয়ন নম্বৰ বিহীন টাটা মোবাইল বাহন জব্দ কৰে । অভিযানকাৰী আৰক্ষীৰ দলক দেখি চোৰাং কাঠ কঢ়িয়াই নিয়া বাহনৰ চালক আৰু চোৰাং ব্যৱসায়ী সকলে নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে । জব্দ কৰা বাহন দুখন চিদলী থানা চৌহদত আনে যদিও আজি বিয়লি ৫ বজাত চিৰাং বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে । অভিযোগ মতে চিৰাং জিলাৰ মাজেৰে নিতৌ এইদৰে কোকৰাঝাৰ জিলা আৰু ভূটানৰ পৰা অহা চোৰাং কাঠ সৰবৰাহ কৰা হয় । চিৰাঙৰ একাংশ দুৰ্নীতিপৰায়ন বন বিষয়াৰ সৈতে এই চোৰাং কাঠ বেপাৰী সকলৰ মিতিৰালিৰ বাবেই এই ধৰণো বনাঞ্চল ধ্বংশ কৰি অনায়াশে কোটি টকাৰ ব্যৱসায় চলাই গৈছে ।
চিৰাঙত চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - চিৰাং
আৰক্ষীয়ে অভিযান চলাই বামুনগাঁও-গাৰ্লাবাৰী সংযোগী পথত বুজন পৰিমাণৰ চোৰাং শাল কাঠ ভৰ্তি দুখন পঞ্জীয়ন নম্বৰ বিহীন টাটা মোবাইল বাহন জব্দ কৰে । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে ।