ETV Bharat / state

Chirang DC Office Scam : চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ

চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেলেঙ্কাৰীৰ অভিযোগ (Scam in Chirang District DC office) । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিয়ম উলংঘা কৰি তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ কাম কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।

Chirang
Chirang
author img

By

Published : Dec 20, 2022, 7:52 PM IST

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

চিৰাং, ২০ ডিচেম্বৰ : চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধনৰ কেলেঙ্কাৰীৰ অভিযোগ উত্থাপন হৈছে (Scam in Chirang District DC office) । অভিযোগ অনুসৰি, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ে উপায়ুক্তৰ কাৰ্যালয়ৰ যাৱতীয় বিলৰ কাম চোৱাচিতা কৰে । কিন্তু কিদৰে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ কাম কৰে সেই লৈ সৃষ্টি হৈছে প্ৰশ্নৰ (4th grade employee fraud in Chirang DC office) ।

ইয়াৰ উপৰি উপায়ুক্তৰ কাৰ্যালয়ত ইমানসংখ্যক কৰ্মচাৰী থকাৰ পিচতো কিয় এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হতুৱাই গধুৰ (শকত পৰিমাণৰ) বিলৰ কাম কৰিবলৈ দিয়ে ? চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ে বিগত লাচিত দিৱসৰ নামত চিৰাং জিলালৈ অসম চৰকাৰে আবন্টন দিয়া ৩৫ লাখ টকাৰ বিলৰ কাম কৰিছিল (Lachit Diwas in Chirang) । যাৰ বাবে লাচিত দিৱসৰ সকলো কাম কৰা কাজলগাঁৱৰ সৰকাৰ ডেকোৰেটৰ এণ্ড টেণ্ট হাউছৰ লোকে কাম কৰি ৪ লাখ ৫ হেজাৰ ২০০ টকাৰ বিল জমা দিছিল যদিও তেওঁৰ নামত বিল নিদি অইন এজন ঠিকাদাৰৰ নামত বিল দিয়াৰ অভিযোগ উত্থাপন হৈছে (money laundering case in Chirang DC office) ।

বিষয়টো জীৱন ফুকনে বুজাবুজিৰে সমাধান কৰাৰ কথাও জনায় । ইয়াৰ পূৰ্বেও কেইবাখনো বিলৰ কেলেঙ্কাৰীৰ অভিযোগ আছে এইজন কৰ্মচাৰীৰ বিৰুদ্ধে । তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈ কাৰ আশীৰ্বাদত তৃতীয় বৰ্গৰ কৰ্মচাৰী কাম কৰে আৰু নিজকে কেতিয়াবা নাজিৰ আৰু কেতিয়াবা উপায়ুক্তৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি পৰিচয় দিয়ে ।

চিৰাঙৰ সাংবাদিকৰ দল এটাই অভিযান চলাই বিতং তথ্য পোহৰলৈ আনে । এই সন্দৰ্ভত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৰ (DC of Chirang District) সৈতে কথা পাতিব বিচৰাত উপায়ুক্তই সাংবাদিকৰ পৰা এৰাই চলি অতিৰিক্ত উপায়ুক্তক লগ কৰিবলৈ কয় । পিচত অতিৰিক্ত উপায়ুক্ত ৰিংখাং বসুমতাৰীয়ে এই সন্দৰ্ভত বিষয়টো তদন্তমৰ্মে সমাধান কৰিব বুলি জনায় । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে নিজকে কি বুলি পৰিচয় দিয়ে সেয়া নিজৰ কথা বুলিও কয় অতিৰিক্ত উপায়ুক্তজনে । জিলা এখনৰ উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত এনে দুৰ্নীতি কেতিয়া ৰোধ হ'ব বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.