চিৰাং, 26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে চিৰাঙতো 72 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় ৷
![চিৰাঙত 72 তম গণৰাজ্য দিৱস উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangrepublicday-vis-10012_26012021104450_2601f_1611638090_10.jpg)
চিৰাঙত জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত পালন কৰা গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চিৰাং জিলাৰ জিলা উপায়ুক্ত গৌতম তালুকদাৰে ৷ একেদৰে বিজনী মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে মহকুমা সদৰ বিজনীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
লগতে পঢ়ক: তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই