ETV Bharat / state

ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

author img

By

Published : Sep 7, 2021, 7:05 PM IST

এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি কাৰাবন্দী ৰঞ্জন দৈমাৰীৰ নতুন ঠিকনা হ’ব চিৰাং জিলা সদৰ কাজলগাঁও স্থিত বড়োলেণ্ড গেষ্ট হাউছ । অসম চৰকাৰে বিশেষ ব্যৱস্থাৰে নেতাজনক স্থানান্তৰৰ দিহা লৈছে । মিনি জেললৈ ৰূপান্তৰৰ ব্যৱস্থা গেষ্ট হাউছটো ।

Ranjan Daimary
ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

চিৰাং, 7 ছেপ্টেম্বৰ : 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক আপোনাৰ নিশ্চয় মনত আছে ৷ গুৱাহাটী, বৰপেটাৰোড আদিত ভয়ংকৰ বিস্ফোৰণেৰে নৰমেধ যজ্ঞ পাতিছিল এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত বন্ধী হোৱা ৰঞ্জন দৈমাৰীৰ ঠিকনা হৈ পৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ ৷ কিন্তু অচিৰেই ৰঞ্জন দৈমাৰীৰ ঠিকনা সলনি হ’ব ৷

লগতে পঢ়ক : বক্সাৰ যমুনা বড়োৰ নতুন পৰিচয়...

বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ ঠিকনা জেলৰ সলনি শীঘ্ৰেই হ’ব কাজলগাঁওৰ বড়োলেণ্ড গেষ্ট হাউছ । যাৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত বড়োলেণ্ড গেষ্ট হাউছত দিনে নিশাই চলিছে কাম । এইটো গেষ্ট হাউছ কাৰ্যালয় হিচাবে ব্যৱহাৰ কৰিছিল জিলাখনৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । কিন্তু শেষতীয়াকৈ গেষ্ট হাউছটো মিনি জেললৈ ৰূপান্তৰ কৰাৰ বাবে দিনে নিশাই চলিছে কাম ।

ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

লগতে পঢ়ক : ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?

অসম চৰকাৰে বিশেষ ব্যৱস্থাৰে এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক জেলৰ সলনি এইটো গেষ্ট হাউছলৈ এক ঘৰুৱা পৰিৱেশত অনাৰ প্ৰচেষ্টা চলোৱা বুলি ইতিমধ্যে চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই জনাইছে ।

লগতে পঢ়ক : আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰৰ অসমৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছিল যদিও বিটিআৰ চুক্তিৰে এন ডি এফবিৰ সমস্যা সমাধান কৰিবলৈ জেলৰ পৰা মোকলাই বিটিআৰ চুক্তিত স্বাক্ষৰ কৰাৰ সুবিধা দিছিল চৰকাৰে । পিচত পুনৰ জেললৈ প্ৰেৰণ কৰিছিল দৈমাৰীক ৷ এতিয়া বিটিআৰ চুক্তি স্বাক্ষৰকাৰী জনৰ মুক্তিৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক : আব্দুল গণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ

এনে সময়ত অসম চৰকাৰে বিশেষ ব্যৱস্থাৰে দৈমাৰীৰ মুক্তিৰ প্ৰচেষ্টা আগবঢ়াই লৈছে আৰু তাৰে অংশ হিচাবে ৰঞ্জন দৈমাৰীক জেলৰ সলনি চিৰাঙৰ কাজলগাঁৱৰ বড়োলেণ্ড গেষ্ট হাউছলৈ স্থানান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অহা চাৰি-পাঁচ দিনৰ ভিতৰতে ৰঞ্জন দৈমাৰীক চিৰাঙলৈ স্থানান্তৰ কৰাটো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সকলো লোকৰ মুখ্যমন্ত্ৰী নহয় বুলি কিয় ক’লে ৰকিবুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.