ETV Bharat / state

Pravin Togadia controversial statement: মুছলমানৰ জনসংখ্যা বৃদ্ধি এটা টাইম বোমাৰ সংকেতৰ দৰে; টোগাৰীয়া

author img

By

Published : Apr 24, 2023, 7:54 PM IST

অসমত মুছলমান সকলৰ জনসংখ্যা বৃদ্ধি সন্দৰ্ভত এক বিতৰ্কিক মন্তব্য কৰিছে হিন্দু নেতা প্ৰবীণ টোগাৰীয়াই (increasing population of Muslims in India) । টাইম বোমাৰ টিক টিক সংকেতৰ সৈতে তুলনা মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ ঘটনাক ৷

Pravin Togadia
জনসংখ্যা বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰিছে টোগাৰীয়াই

চিৰাং, 24 এপ্ৰিল : বিশ্বৰ ভিতৰতেই ভাৰত সৰ্ববৃহৎ জনসংখ্যাৰ দেশ হিচাবে পৰিগণিত হোৱাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দু নেতা প্ৰবীণ ভাই টোগাৰীয়াই । তেওঁ কয়, ‘‘দেশৰ জনসংখ্যা ১৪২ কোটি, যিটো পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি । ভাৰতৰ বাঢ়ি অহা জনসংখ্যাৰ অধিকাংশই মুছলমানৰ বৰ্ধিত জনসংখ্যা (Pravin Togadia on increasing population of Muslims)’’ ।

"মুছলমানসকলৰ বাঢ়ি অহা জনসংখ্যা এক টাইম বোমা সদৃশ, যি আমাৰ ৰাষ্ট্ৰ, গাঁও আৰু অসমত ফুটিবলৈ সাজু হৈ উঠিছে ৷ যদি পৰীক্ষা নকৰাকৈ এইটো হাৰত মুছলমান জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে, তেনেহ’লে শীঘ্ৰেই হিন্দুসকলৰ ঘৰত লুট-পাত হ’ব আৰু হিন্দুসকলক হত্যা কৰা হ’ব", প্ৰবীণ ভাই টোগাৰীয়াই কয় (Pravin Togadia statement on Muslim population) ৷

অসমত বাঢ়ি অহা মুছলমানসকলৰ সংখ্যা আৰু হিন্দু সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এইদৰে তেওঁ নিজৰ মত আগবঢ়ায় ৷ মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিক তেওঁক টাইম বোমাৰ লগত ৰিজাই কয় যে, এটা সময়ত ইয়ে অসমত হিন্দু সকলৰ মাজত লুট-পাত বৃদ্ধি কৰাৰ লগতে হিন্দু সকলৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব (Increasing population of Muslims in Assam) ৷

বিশেষকৈ অসমৰ বাঢ়ি অহা জনসংখ্যাৰ কথা কৈ মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে দেশত তৎকালীনভাৱে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে হিন্দুত্ববাদী নেতা ড৹ প্ৰবীণ ভাই টোগাৰীয়াই (Pravin Togadia on increasing population of Muslims) ।

চিৰাঙৰ বিজনীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰংগ দলৰ হিন্দু সন্মিলনত উপস্থিত থাকে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়া । ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হিন্দু সন্মিলনখনত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ গৰাকীয়ে যি মন্তব্য কৰিলে তাকে লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত (President of Antarashtriya Hindu Parishad) ।

লগতে পঢ়ক : KLO cadre neutralized: কোকৰাঝাৰ এনকাউণ্টাৰত নিহত দুই KLO ৰ সদস্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.