ETV Bharat / state

কেৱল থানাৰ নহয়, সকলো দালালক গ্ৰেপ্তাৰ কৰিব লাগে: প্ৰমোদ বড়ো

author img

By

Published : Jan 16, 2022, 10:13 PM IST

চিৰাঙৰ ডাংতলত তিনি দিনীয়া ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই । আৰক্ষী থানাত থকা দালালক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱল থানা নহয় সকলো প্ৰকাৰৰ দালালক গ্ৰেপ্তাৰ কৰি দালাল মুক্ত অসম তথা দুৰ্নীতি মুক্ত অসম গঢ়াৰ পোষকতা কৰে বিটিচি প্ৰধান গৰাকীয়ে (Pramod Boro on arrest of illegal brokers) ।

pramod-boro-on-arrest-of-illegal-brokers-in-police-stations
কেৱল থানাৰ নহয়, সকলো দালালক গ্ৰেপ্তাৰ কৰিব লাগে: প্ৰমোদ বড়ো

চিৰাং, 16 জানুৱাৰী : চিৰাঙৰ ডাংতল ভূমেশ্বৰ পাহাৰ ভূমেশ্বৰ ইকো ট্যুৰিজিম আৰু বিটিআৰ পৰ্যটন বিভাগৰ উদ্যোগত ১৪ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্টিত হোৱা ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়ো (BTC Chief Pramod Boro in Bhogali Utsav) । অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই আৰক্ষী থানাত থকা দালালক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱল থানা নহয় সকলো প্ৰকাৰৰ দালালক গ্ৰেপ্তাৰ কৰি দালাল মুক্ত অসম দুৰ্নীতি মুক্ত অসম (Corruption free Assam) গঢ়াৰ কথা কয় (Pramod Boro on arrest of illegal brokers) ।

মুখ্যমন্ত্ৰীৰ নেতৃত্বত অহা পাঁচ বছৰৰ ভিতৰত নিকা উন্নত অসম গঢ় ল’ব বুলি জনায়। প্ৰমোদ বড়োই লগতে কয়, হাগ্ৰামাই পুৰ্বৰ পৰাই কৈ আহিছে শাসকীয় দলৰ সৈতে থকাৰ কথা। আমিহে ইমান দিনে ভুল বুজি আছিলো বুলি কোৱাৰ লগতে কয় হাগ্ৰাই এতিয়া বিটিচিত আহিবলৈ হলে ৰ’ব লাগিব (Hagrama have to wait says Pramod Boro) । নিৰ্বাচন পাতিব লাগিব।

প্ৰমোদ বড়োই লগতে দৈজিং উৎসৱ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কয় যে, দৈজিং উৎসৱত বহু লোকচান হৈছিল,বহু লোক মৰিছিল, মদ্যপান জুৱা আদিৰে সমাজ নষ্ট হৈছিল । গতিকে তাৰ বাবে এইবাৰ দৈজিং বন্ধ ৰখা হৈছিল । পৰৱৰ্তী সময়ত দৈজিং উৎসৱ সন্দৰ্ভত বিবেচনা কৰা হ’ব বুলিও জনায় বিটিচি প্ৰধান গৰাকীয়ে ।
লগতে পঢ়ক : আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.