চিৰাং,১২ এপ্ৰিলঃ চিৰাঙৰ বিজনীত প্ৰমীলা ৰাণী ব্ৰহ্মৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ । তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ ।
উক্ত প্ৰচাৰ সভাত প্ৰমীলা ৰাণীক সংগ দিয়ে বিজনী বিধায়ক কমল সিং নাৰ্জাৰী, বিটিচিৰ এম.চি.এল.এ অতীন হাজঙকে আদি কৰি কেইবাজনো বিপিএফৰ জ্যেষ্ঠ নেতাই । বিপিএফ নেতা গনেশ ব্ৰহ্মই এইবেলি নিৰ্বাচনত ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ একেলগ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে অৰ্থাৎ ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ অৰ্থ হৈছে বিজেপি- অগপ- বিপিএফ বুলিও মন্তব্য কৰে । লগতে এবছুৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ড অসম্ভৱ বুলি কটাক্ষ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ।