ETV Bharat / state

বিজনী বিধানসভা সমষ্টিত 6 টা আদৰ্শ ভোট কেন্দ্ৰ - assam news

বিজনী বিধানসভা সমষ্টিৰ মুঠ ২০১টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত পাণবাৰী হাইস্কুল, নৱাৰুণ হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুল এই 6 টা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে

6 টা আদৰ্শ ভোট কেন্দ্ৰ
author img

By

Published : Apr 22, 2019, 11:07 PM IST

চিৰাং, 22 এপ্ৰিলঃ ৰাজ্যত 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ যাক লৈ ব্যস্ত হৈ পৰিছে ভোট কেন্দ্ৰসমূহ ৷ চিৰাঙৰ বিজনী বিধানসভা সমষ্টিত আদৰ্শ ভোট কেন্দ্ৰ 6 টা ৷ ইয়াৰে এটা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা বিষয়া-কৰ্মচাৰীয়ে ৷ বিজনী বিধান সভা সমষ্টিৰ মুঠ ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত পাণবাৰী হাইস্কুল, নৱাৰুণ হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুল এই 6 টা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে ৷

6 টা আদৰ্শ ভোট কেন্দ্ৰ

এই আদৰ্শ ভোট কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজক বিশুদ্ধ খোৱাপানী, বয়োজ্যেষ্ঠ আৰু শাৰিৰীকভাৱে সক্ষম নাগৰিকক জিৰণি সময়ত বিজুলী পাংখা আৰু মাতৃয়ে শিশুক দুগ্ধপান কৰোৱালৈ পৃথকে কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, বিজনী বিধান সভা সমষ্টিৰ ষ্ট্ৰং ৰূম মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে ৷ বিজনী জিলা নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই বিজনী বিধান সভা সমষ্টিত নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰে বুলি ব্যক্ত কৰে ৷

Slug : A_Chirang_22nd Apr_808_Chirang Bijni LAC of Kokrajher Loksabha_vis & byt_Abdul Maleque Ahmed.

Send by ftp . 

চিৰাঙৰ বিজনী বিধানসভা সমষটিত আদৰ্শ  ভোট কেন্দ্ৰ ছটা,এটা ভোট গ্ৰহণ কেন্দ্ৰ  পৰিচালনা কৰিব মহিলা বিষয়া-কৰ্মচাৰীয়ে।
 
দেশৰ তৃতীয় পৰ্যায়ত কাইলৈ  অনুষ্ঠিত  হ'বলগীয়া পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ অধীনৰ ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ ভোটদানৰ বাবে বিজনী মহকুমা প্ৰশাসনে এইবাৰ মহিলা বিষয়া- কৰ্মচাৰীৰ হতুৱাই ভোট গ্ৰহণৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ বিজনী বিধান সভা সমষ্টিৰ মুঠ ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত
পাণবাৰী হাইস্কুল, নৱাৰুণ হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুলত ছটা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে ৷ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰি নম্বৰ কোঠাৰ ১৮১ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটিত মহিলা বিষয়া- কৰ্মচাৰীয়ে নিৰ্বাচন পৰিচালনা কৰিব ৷ কেন্দ্ৰটোত মুঠ ভোটাৰ আছে ৫৯৫ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ২৯৮ গৰাকী আৰু মহিলা ভোটাৰ ২৯৭ গৰাকী ৷ বিজনী জিলা নিৰ্বাচনী বিষয়াই বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৮১  নম্বৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোত ভোটাৰ ৰাইজক বিশুদ্ধ খোৱাপানী, বয়োজ্যেষ্ঠ আৰু শাৰিৰীক ভাৱে সক্ষম নাগৰিকক জিৰণিত বিজুলী পাংখা আৰু  মাতৃয়ে শিশুক দুগ্ধপান কৰোৱাৰ পৃথকে কোঠাৰ ব্যৱস্থা কৰিছে ৷  বিজনী বিধান সভা সমষ্টিৰ ষ্ট্ৰং ৰূম মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে ৷ সমষ্টিটোত নিয়োজিত প্ৰায় ৯৩২ গৰাকী চেক্টৰ বিষয়া, প্ৰিজাইডিং আৰু প'লিং বিষয়াই ইভিএম- ভিভিপেট মেচিনসহ নিৰাপত্তাৰক্ষীৰে নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে । বিজনী জিলা নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই বিজনী বিধান সভা সমষ্টিত নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে ।

বাইট : লুকুমনি বৰা,বিজনী জিলা নিৰ্ব্বাচনি বিষয়া । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.