ETV Bharat / state

বড়োভূমিত ঘনে ঘনে সলনি ৰাজনৈতিক প্ৰেক্ষাপট

author img

By

Published : Dec 3, 2020, 7:35 PM IST

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি বিপিএফত যোগদান 20 নং মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী ইব্ৰাহীম আলী ৷ প্ৰাৰ্থী গৰাকীৰ এনে কাণ্ডত জাঙুৰ খাই উঠিছে গণ সুৰক্ষা পাৰ্টীৰ লগতে এবিএমছুৰ নেতৃবৃন্দ ৷

political-context-has-changed-frequently-btc
বড়োভূমিত ঘনে ঘনে সলনি ৰাজনৈতিক প্ৰেক্ষাপট

বৰপেটাৰোড, 3 ডিচেম্বৰ : সমাগত বিটিচি নিৰ্বাচন ৷ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ ইতিমধ্যে, বড়োভূমিৰ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

বিটিচি নিৰ্বাচনত 20 নং মথনগুৰি সমষ্টিৰ পৰা গণ সুৰক্ষা পাৰ্টীৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল ইব্ৰাহীম আলীয়ে ৷ ইতিমধ্যে, প্ৰাৰ্থী গৰাকীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছিল ৷ আনকি, প্ৰাৰ্থী গৰাকীক প্ৰচাৰৰ সময়ত সংগ দিছিল গণ সুৰক্ষা প্ৰাৰ্টীৰ প্ৰধান তথা কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই ৷

কিন্তু বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে প্ৰাৰ্থী গৰাকীয়ে গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে ৷

ইফালে, ইব্ৰাহীম আলীৰ এই হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে এবিএমছুৰ নেতৃবৃন্দই ৷ বুধবাৰে এক সংবাদমেল যোগে এবিএমছুৰ শালবাৰী জিলা সমিতিয়ে নেতা ইব্ৰাহিম আলীক ধিক্কাৰ প্ৰদান কৰি বিশ্বাসঘাটক আখ্যা দিয়ে ৷ জাতিক প্ৰতাৰণা কৰাৰ বাবে মথনগুৰী সমষ্টিত ইব্ৰাহিম আলীক নিষিদ্ধ ঘোষণা কৰে এবিএমছুৱে ৷

লগতে পঢ়ক : ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.