ETV Bharat / state

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত নিৰ্মূলৰ উদ্দেশ্যে চিৰাঙত বিৰোধী ঐক্য মঞ্চৰ বিশেষ বৈঠক - Opposition unity forum

Lok Sabha election 2024: বিজেপিৰ লগতে এ আই ইউ ডি এফকো পুলিয়ে পোখাই উঘালি পেলোৱাৰ লক্ষ্যৰে এইবাৰ নিৰ্বাচনী ৰণক্ষেত্ৰত নামিব কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চ ৷ চিৰাঙৰ ছাপাগুৰীত কেইবাটাও বিৰোধী দলৰ নেতৃত্বৰ বিশেষ সভা ৷

Lok Sabha election 2024
Opposition alliance
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:20 PM IST

চিৰাঙত বিৰোধী ঐক্য মঞ্চৰ বিশেষ বৈঠক

চিৰাং, 27 ডিচেম্বৰ: বুধবাৰে সন্ধিয়া চিৰাঙৰ ছাপাগুৰিস্থিত হোটেল ছিগনেটত অসমৰ বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । মিত্ৰজোঁটৰ মাজত মতানৈক্য দূৰীকৰণ আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত নিৰ্মূলৰ উদ্দেশ্যে লৈ এই সভা অনুষ্ঠিত কৰা বুলি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ধুবুৰী জিলাৰ চাপৰত অনুষ্ঠিত হোৱা বিৰোধী ঐক্যমঞ্চৰ অভিৱৰ্তন আৰু ৰাজহুৱা সভাৰ পৰা পোনে পোনে আহিয়েই এই সভাত বহে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, আপৰ সভাপতি ভৱেন চৌধুৰী, চিপিআই(এম)ৰ সভাপতি সুপ্ৰকাশ তালুকদাৰ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন এই সভাত উপস্থিত থাকে ৷ প্ৰতিটো দলৰ সৈতে সুক্ষ্মভাৱে সমষ্টিকেন্দ্ৰিক বিষয়সমূহ আলোচনা কৰা বুলি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ভূপেন বৰাই লগতে কয়, ‘‘আজিৰ দিনটোত অনুভৱ হৈছে যে আমি ভবাতকৈ অধিক সবল আৰু শক্তিশালীভাৱে আমি আগবাঢ়িব পাৰিম । যাৰ বাবে আমি মিত্ৰ দলসমূহৰ সৈতে সুক্ষ্ম আলোচনাত বহিছো আৰু বিহুৰ আগে-পিছে সকলো ঠিক কৰি ল’ব পাৰিম ।’’

এ আই ইউ ডি এফৰ সন্দৰ্ভত ভূপেন বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীৰ ৰিম’টত চলা দল এ আই ইউ ডি এফ । মুখ্যমন্ত্ৰীয়ে য’ত যি কৰিবলৈ কয় এ আই ইউ ডি এফ দলে তাকে কৰে । বিজেপি আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । আমি যিহেতু সাম্প্ৰদায়িক মেৰু বিভাজনৰ বিৰুদ্ধে যুজিছোঁ গতিকে ইয়াত আমাৰ স্থিতি স্পষ্ট ।’’

ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কয় যে মিত্ৰজোঁটৰ দলসমূহে কোনে কোন সমষ্টিত প্ৰাৰ্থিত্ব দিব, কেনেদৰে জিকিব ইত্যাদি বিষয়সমূহক লৈ প্ৰাথমিক আলোচনা অনুষ্ঠিত হৈছে । প্ৰতিটো দলেই সংঘাত পৰিহাৰ কৰি প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ‘‘আমি প্ৰতিটো দলৰ সৈতে বিষয়টো আলোচনা কৰি কম দিনৰ ভিতৰতে ঐক্যমতত উপনীত হ’ম ৷ অতি সহজে যিহেতু বিষয়সমূহক লৈ মুকলিভাৱে আলোচনা হৈছে, গতিকে সিদ্ধান্ত লোৱাত দেৰি নালাগিব ।’’ গগৈয়ে লগতে কয় ৷

অখিল গগৈয়ে লগতে স্পষ্ট কৰে যে ৰাইজৰ দলে এইবাৰ প্ৰতিদ্বন্দিতা নকৰে । ‘‘কোন দলে কিমান আসন বিচাৰিছে সেয়া আভ্যন্তৰীণ বিষয় ৷ আমি আলোচনাৰ মাধ্যমত সেয়া ঠিক কৰি ল’ম’’ বুলি জনায় গগৈয়ে । ইফালে এ আই ইউ ডি এফক বিজেপিৰ B টীম বুলি কয় অখিল গগৈয়ে । ‘‘আমি এইবাৰ যিকোনো প্ৰকাৰে এ আই ইউ ডি এফ দলটো নিঃশেষ কৰিম । বদৰুদ্দিন আজমলক সন্যাস লোৱাম । এ আই ইউ ডি এফ দল থাকিলে বিজেপি থাকিব । মুছলমানসকলে এ আই ইউ ডি এফ দলক ভোট দিয়াতকৈ বিজেপি দলক ভোট দিয়াই ভাল ৷’’ অখিল গগৈয়ে লগতে কয় ।

ইফালে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‘‘আজি আসন বুজাবুজি লৈ প্ৰাথমিক পৰ্যায়ৰ আলোচনা হৈছে দলসমূহৰ মাজত । আমি চাৰিটা সমষ্টি ক্ৰমে কৰিমগঞ্জ, ধুবুৰী, কোকৰাঝাৰ আৰু লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছোঁ । পোৱা নোপোৱাটো পিচত হ’ব । আমি যিহেতু ৰাষ্ট্ৰীয় দল, আমি আমাৰ ৰাষ্ট্ৰীয় নেত্ৰী মমতা বেনাৰ্জীক অৱগত কৰিছো ।’’ ইণ্ডি এলায়েন্সৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাত কেইখন আসন ল’ব পাৰে তালৈ অপেক্ষা কৰিব লাগিব বুলি জনায় ৰিপুন বৰাই ।

আনহাতে, এ আই ইউ ডি এফ দল সন্দৰ্ভত কয় যে তেওঁলোকে একো কৰিব নোৱাৰে ৷ কাৰণ তেওঁলোক আন মানুহৰ মাজৰ পৰা বিলীন হৈ গৈছে । এতিয়া মাথোঁ মুছলমানৰ মাজত আছে এ আই ইউ ডি এফ দল । সমগ্ৰ ভাৰততে বিজেপিৰ পৰা মুছলমান লোক অধিক নিৰ্জাতিত হৈছে বুলি কয় ৰিপুন বৰাই । তেওঁ আৰু কয় যে এ আ ই ইউ ডি এফ দল বিজেপিৰ B টীম বুলি আজি মুছলমানসকলেও বুজিব পাৰিছে । সংখ্যালঘুসকলক ঢাল হিচাবে লৈ বদৰুদ্দিন আজমলে যে নিজৰ ব্যৱসায় ৰক্ষা কৰিছে সেয়া বুজিবলৈ কাৰো বাকী নাই । এ আই ইউ ডি এফ দলক ভোট দিয়া আৰু বিজেপি দলক দিয়া বুলি কয় ৰিপুন বৰাই ।

চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আসন বুজাবুজি সন্দৰ্ভত কয়, ‘‘আমি মিত্ৰজোঁটৰ দলসমূহ এটা এটাকৈ কংগ্ৰেছ নেতৃত্বৰে বহিছোঁ ৷ য’ত অখিল গগৈয়ো আছে৷ কাৰণ তেওঁৰ দলে প্ৰতিদ্বন্দিতা নকৰে । আমি মাত্ৰ এখন আসন বিচাৰিছো সেয়া হৈছে বৰপেটা সমষ্টি ।’’ তেওঁ লগতে কয় যে অসম জাতীয় পৰিষদেও এখন আসন বিচৰাৰ সম্ভাৱনা আছে । সন্ধিয়া ৮ বজালৈ চিৰাঙৰ ছাপাগুৰিৰ হোটেল ছিগনেটত চলে মিত্ৰজোঁটৰ আলোচনা ৷

লগতে পঢ়ক: অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৩ বৰ্ষৰ অৱলোকন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.