চিৰাং,14 ফেব্ৰুৱাৰী : চিৰাঙৰ বাসুগাঁৱৰ চৰাইখোচৰাত দেওবাৰে 3.5 বিঘা ভূমিত কৰা ভাং কেতি ধ্বংস কৰে জিলা আৰক্ষীয়ে ৷ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ সৈতে উপস্থিত হয় জিলাখনৰ বাসুগাঁও থানাৰ অন্তৰ্গত চৰাইখোচৰা গাঁৱত ।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধিক্ষক, বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এটা বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ উক্ত ভাং খেতি ধ্বংস কৰে ৷ এই কথা জনাইছে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।
আনহাতে, ভাং খেতিৰ গৰাকীকো চিনাক্ত কৰিছে আৰক্ষীয়ে । অবৈধভাৱে নিষিদ্ধ ভাং খেতি কৰা লোকজন বৰ্তমান পলাতক বুলি জনায় আৰক্ষী অধীক্ষক সিঙে ।
লগতে পঢ়ক : অসমৰ ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানাত হস্তান্তক লৈ সৰৱ কংগ্ৰেছ