ETV Bharat / state

চিৰাঙত বৌপাৰা গাওঁ ছীল প্ৰশাসনৰ - কাজলগাঁও

চিৰাঙত পুনৰ আন এজন 26 বছৰীয়া যুৱকৰ দেহত কোভিড -১৯+ ধৰা পৰে ৷ প্ৰশাসনে যুৱকজনক পুনৰ কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ETV BHARAT
চিৰাঙত বৌপাৰা গাওঁ ছীল প্ৰশাসনৰ
author img

By

Published : May 31, 2020, 9:44 PM IST

চিৰাং, 31 মে' : চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ বৌপাৰা গাওঁ খন ছীল কৰে প্ৰশাসনে ৷ শনিবাৰে যুৱক এজনৰ দেহত কোভিড -১৯+ ধৰা পৰাৰ পিছতেই ছীল কৰে গাঁৱখন ৷

আক্ৰান্ত 26 বছৰীয়া যুৱকজন বিহাৰৰ পৰা উভতি আহিছিল অসমলৈ ৷ তাৰ পিছত কোকৰাঝাৰ কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন হৈ আছিল ৷ কিন্তু স্বাস্থ্য পৰীক্ষাৰ ৰিপ'ৰ্ট নহাকৈয়ে উক্ত কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা যুৱকজনক আহিবলৈ দিয়ে ৷

অৱশেষত যুৱকজনৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰিপৰ্ট ওলোৱাত প্ৰশাসনে যুৱকজনক পুনৰ কাজলগাঁও জেএছবি চিকিৎসালয়ত আইচলেচন কোঠাত ৰখাৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে আক্ৰান্ত যুৱকজনে পৰিয়ালৰ লগতে গাঁৱখনৰ সকলোৰে লগত সংস্পৰ্শলৈ অহাত উক্ত গাঁৱখন সম্পূৰ্ণ ছীল কৰি দিয়ে প্ৰশাসনে ৷

চিৰাঙত বৌপাৰা গাওঁ ছীল প্ৰশাসনৰ

আজিৰে পৰা গাঁৱখনৰ জনসাধাৰণে গাঁৱখনৰ চাৰিসীমাৰ বাহিৰত যাতায়ত কৰিব নোৱাৰিব । গাঁৱখনত মাত্ৰ জৰুৰী, অত্যাৱশ্যকীয় আৰু স্বাস্থ্য বিভাগৰ যানবাহন হে প্ৰযোজ্য হ'ব । জিলা প্ৰশাসনে গাঁৱখনত ৰাজহুৱা অনুষ্ঠান, সামাজিক অনুষ্ঠান সকলো নিষিদ্ধ কৰিছে । সকলো লোককে মাস্ক পিন্ধি সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান জনাই প্ৰশাসনে ৷ এতিয়ালৈ চিৰাং জিলাত কোভিড- ১৯+ ৰোগীৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক- হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.