চিৰাং, 6 জুলাই : চিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ 100 খন বিচনাযুক্ত জেএচবি অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ প্ৰশংসনীয় পদক্ষেপ ৷ বিগত 4 টা বছৰে অকলেই চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ দায়িত্ব বহন কৰি আছে ডাঃ ইয়াকুব আলী আহমেদ নামৰ চিকিৎসকগৰাকীয়ে ৷
চিৰাঙৰ অতি ভিতৰুৱা মোজাবাৰী গাঁৱৰ সন্তান ডাঃ ইয়াকুব আলী আহমেদ এগৰাকী প্ৰসূতি বিশেষজ্ঞ । চিকিৎসালয়খনত দিনটোত প্ৰায় 50-70 গৰাকী ৰোগী চোৱাৰ লগতে প্ৰতিদিনে 4-5 গৰাকী প্ৰসূতিৰ অস্ত্ৰোপ্ৰচাৰ কৰে চিকিৎসক আহমেদে ।
উল্লেখ্য যে, শেহতীয়াকৈ চিকিৎসালয়খনৰ আন এগৰাকী চিকিৎসক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসালয়খনৰ আটাইকেইগৰাকী চিকিৎসক হোম কোৱাৰেণ্টাইনত হ'বলগীয়া হয় ৷ কিন্তু ডাঃ আহমেদে দিনে-নিশাই চিকিৎসালয়খনৰ সকলো দায়িত্ব অকলে চম্ভালি আছে । চিকিৎসকগৰাকীয়ে নিস্বাৰ্থভাৱে আগবঢ়োৱা মানৱ সেৱাৰ বাবে 2018 চনৰ গণৰাজ্য দিৱসত জিলা প্ৰশাসনে তেওঁক পুৰষ্কৃতও কৰিছিল ।
লগতে পঢ়ক : হাফলঙত লক ডাউন ভংগ ৰাইজৰ: অসহায় আৰক্ষী