চিৰাং, 23 অক্টোবৰ : চিৰাঙৰ চাপাগুৰিত বন বিভাগ আৰু সশস্ত্ৰ সীমা বলৰ যৌথ অভিযান ৷ শুকুৰবাৰে সন্ধিয়াৰ ভাগত চলোৱা এই অভিযানত দুটা হাতীৰ দাঁতৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ গ্ৰেপ্তাৰ হোৱা লোকজন চিৰাঙৰ আমটেকাৰ কিৰণ বৰগয়াৰী বুলি জানিব পৰা গৈছে ৷
বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত কোকৰাঝাৰৰ কচুগাঁও বন বিভাগ তথা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বন বিভাগৰ লোকৰ লগতে SSB এ যৌথভাৱে এই অভিযান চলাইছিল ৷ অভিযানৰ সময়তে এছ এছ বিৰ তৰুণ বড়ো নামৰ জোৱানজনৰ আঙুলি কামুৰি ছিঙি দিয়ে ধৃত কিৰণ বৰগয়াৰীয়ে ৷ ফলত জোৱানজনক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
কিৰণ বৰগয়াৰীক প্ৰথমতে বঙাইগাঁও থানালৈ নিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কোকৰাঝাৰলৈ প্ৰেৰণ কৰে বন বিভাগে ৷ উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা জিলাখনত বন ধ্বংসৰ লগতে বন্যপ্ৰাণী হত্যা আৰু অংগ-প্ৰত্যংগৰ চোৰাং ব্যৱসায়ৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ কিছুদিন পূৰ্বেও চিৰাং বন বিভাগে কেবাজনো হাতী দাঁতৰ অবৈধ ব্যৱসায় চলোৱা লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ বৃহস্পতিবাৰেও বনৰৌৰ সৈতে তিনিজনকৈ লোকক আটক কৰিছিল বন বিভাগে ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ