ETV Bharat / state

চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য... - বঙাইগাঁও শোধনাগাৰ

ড্ৰাগছ, হত্যাকাণ্ড বা কোনো আন অপৰাধজনিত ঘটনা নহয়, এইবাৰ এইখন অসমত সংঘটিত হৈছে চলন্ত ৰে’লৰ পৰা চিনেমাৰ কায়দাৰে তেল চুৰিৰ ঘটনা ৷ চকুৰ সন্মুখতে সকলোবোৰ দেখি থকাৰ পাছতো নিৰ্বিকাৰ আৰক্ষী তথা প্ৰশাসন ৷ আৰক্ষী-প্ৰশাসনলৈ সন্দেহৰ আঙুলি সচেতন ৰাইজৰ ৷ কিন্তু ক'ত, কেনেকৈ সংঘটিত হৈছে এই ঘটনা ?

bongaigaon refinery
চিনেমাৰ কায়দাৰে চলন্ত ৰেলৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য
author img

By

Published : Jun 13, 2021, 2:09 PM IST

Updated : Jun 13, 2021, 3:29 PM IST

চিৰাং,13 জুন : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা, নিলীবাৰী আৰু ডাংতল অঞ্চলত চলন্ত ৰে’লৰ পৰা নিতৌ তেল চুৰি একাংশ দুষ্কৃতিকাৰীৰ ৷ একেদৰে বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱতো সংঘটিত হৈ আহিছে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ ঘটনা ৷ তেল ভৰ্তি ডবা লৈ বঙাইগাঁও শোধনাগাৰ (bongaigaon refinery)ৰ পৰা ওলাই বৰতালোৱা, বৰপথাৰ, নিলীবাৰী আৰু ডাংতল হৈ মূল ৰে’লট্ৰেকলৈ যোৱাৰ সময়চোৱাতে চলন্ত ৰে’লৰ পৰা মুকলিকৈ তেল চুৰি কৰে একাংশ দুস্কৃতিকাৰীয়ে ৷ কিন্তু অতি লক্ষণীয়ভাৱে এই তেলচুৰি কাণ্ডৰ বিষয়ে জানি বুজিও নিমাত বঙাইগাঁও-চিৰাং জিলা প্ৰশাসন ৷ কেৱল নিয়মৰ খাতিৰত মাজে-সময়ে চোৰ বিচাৰি গাঁৱত আৰক্ষীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ ৰাইজৰ ৷ ৰে’ল বিভাগে ৰে’লৰ সৈতে নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ পিচতো নিতৌ সংঘটিত হোৱা এই তেল চুৰি কাণ্ডত ৰে’ল আৰক্ষী জড়িত থকাৰ সন্দেহ সচেতন ৰাইজৰ ৷

চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...

এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও আৰু ঢালিগাঁও থানাত অৱগত কৰাৰ লগতে ৰে’ল আৰক্ষীক অৱগত কৰিছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠনটোৰ ৷ নিশাটোৰ ভিতৰতে তেল চুৰি কৰি কেইবা হাজাৰ টকা লাভ কৰা এইসকল তেলচোৰে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য-কলাপত জড়িত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ কৰে কৃষক মুক্তিয়ে ৷

ৰাইজৰ অভিযোগ দিন-দুপৰতে মুকলিভাৱে বৰতালোৱা, বৰপথাৰ অঞ্চল জুৱা খেল, মদ, ভাং, ড্ৰাগছৰ ঘাটিত পৰিণত কৰি মুকলিভাৱে নাৰীজনিত অপৰাধ সংঘটিত কৰিছে এইসকল দুষ্কৃতিকাৰীয়ে ৷ আটাইতকৈ আশ্চৰ্যজনক ঘটনাটো হৈছে যে, বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ নিচেই কাষেৰে যোৱা ৰে’ল লাইনত মুকলিভাৱে নিতৌ এই ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু এইক্ষেত্ৰত নীৰৱ-নিৰ্বিকাৰৰ ভূমিকা জিলা প্ৰশাসনে পালন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ স্থানীয় আৰক্ষীক অৱগত কৰি ভাগৰি পৰিছে সচেতন ৰাইজ ৷ অৱশেষত তেল চুৰি চক্ৰৰ সৈতে প্ৰশাসনৰ একাংশ আমোলা-বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰ তথা বিভাগক ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান সচেতন ৰাইজৰ ৷

লগতে পঢ়কঃ বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

Last Updated : Jun 13, 2021, 3:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.