চিৰাং,7 আগষ্ট : চিৰাং জিলাৰ ঢালিগাঁৱত পোহৰলৈ আহিছে আৰক্ষীৰ মহানুভৱতাৰ এক নিদৰ্শন । এজন দৃষ্টিহীন লোকক পাণ-তামোলৰ দোকান দিয়াত আৰ্থিক সহায় ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাৰ । ঢালিগাঁৱৰ দৰিদ্ৰ ঘৰৰ দৃষ্টিহীন যুৱক অজয় চৌধুৰীয়ে ঢালিগাঁও বজাৰত অনাই বনাই ঘুৰি ফূৰাৰ লগতে মাজে সময়ে ঢালিগাঁও বজাৰৰ চেলুনত সহায় কৰিছিল ।
![Chirang Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangpolicehelptopoorblind-vis-10012_07082020200557_0708f_1596810957_169.jpg)
দৃষ্টিহীন হোৱা বাবে তেওঁ আন কোনো কাম কৰিব নোৱাৰে, তাৰোপৰি লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল যুৱকজনৰ জীৱনযাত্ৰা। সেয়ে ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই দৃষ্টিহীন যুৱক অজয় চৌধুৰীক পৰামৰ্শ দিয়াৰ লগতে আৰ্থিক ভাৱে সহায় কৰি সৰু পাণ দোকান খুলি দিয়ে ৷
![Chirang Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangpolicehelptopoorblind-vis-10012_07082020200557_0708f_1596810957_1035.jpg)
ঢালিগাঁও বজাৰৰ কাৰ পাৰ্কিঙত দোকানখন খুলি দিয়াত দৰিদ্ৰ যুৱকজন উপকৃত হয় আৰু আৰক্ষী বিষয়াজনক ধন্যবাদ জনোৱাৰ লগতে শলাগ লয় । ইপিনে ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই নিজেও এইজন যুৱকক সহায় কৰি শান্তি লাভ কৰাৰ লগতে আন লোককো এইদৰে আগবাঢ়ি আহি নিঃকিন দৰিদ্ৰ তথা সহায়ৰ প্ৰয়োজন হোৱা লোকক সহায় কৰিবলৈ আহ্বান জনায় ।
![Chirang Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangpolicehelptopoorblind-vis-10012_07082020200557_0708f_1596810957_400.jpg)
উল্লেখ্য যে, লক ডাউনৰ সময়ত চিৰাং আৰক্ষীয়ে এগৰাকী অভিভাৱকহীন বৃদ্ধাক উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিছিল । যিগৰাকী বৃদ্ধাই ধুমুহা-বৰষুণৰ মাজতো খুজি মাগি খাই বাটে-পথে নিশা যাপন কৰিছিল । আৰক্ষীয়ে উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰাত বৃদ্ধাগৰাকীয়ে নতুন জীৱন লাভ কৰিছিল ।
অতি ব্যাস্ততাৰ মাজতো এইদৰে দৰিদ্ৰ লোকক আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়োৱাত বিভিন্ন জনে শলাগ লয় আৰক্ষী বিষয়াজনৰ। সততে আৰক্ষীৰ লোক সকলৰ বদনাম হে শুনিবলৈ পোৱা যায় যদিও এই দৰেই খাকী পোচাকৰ মাজতো মানৱতা যে জীয়াই আছে এইয়া তাৰ প্ৰমাণ হয় । আৰক্ষীয়ে সদায় জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগে লগেই জনস্বাৰ্থ আৰু জনকল্যানকামী কামো কৰে । হয়তো আৰক্ষীৰ এনে বহু কামেই আমাৰ দৃষ্টিগোচৰ নহয় ।
লগতে পঢ়ক : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নগাঁও মহাবিদ্যালয়ৰ