ETV Bharat / state

কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ

author img

By

Published : Jan 17, 2020, 4:34 PM IST

কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰেৰে শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ । গোটটোৱে মূলসুঁতিলৈ উভতি আহি হিংসা পৰিহাৰ কৰাৰ লগতে বড়ো সংগঠনসমূহৰ সৈতে শান্তি প্ৰক্ৰিয়াত মিলিত হ'বলৈ প্ৰদান কৰিছে আনুষ্ঠানিক সন্মতি ৷

শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ
শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ

কোকৰাঝাৰ,17 জানুৱাৰীঃ কেন্দ্ৰৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ বিদ্ৰোহী সংগঠন এনডিএফবি (এছ)ৰ চাওৰাইগৌৰা গোটে ৷ বৃহস্পতিবাৰে বি চাওৰাইগৌৰাৰ নেতৃত্বত নতুন দিল্লীত কেন্দ্ৰ চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বুজাপৰা চুক্তিত স্বাক্ষৰ কৰে গোটটোৱে ৷ চুক্তিখনত স্বাক্ষৰ কৰিছে অসমৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী,গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গ আৰু এনডিএফবি(এছ)ৰ সভাপতি বি চাওৰাইগৌৰাই ৷ চুক্তি স্বাক্ষৰ কালত এনডিএফবি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু দুজন মধ্যস্থতাকাৰী ক্ৰমে নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু আৰু কাৰ্যবাহী সঞ্চালক থুলুংগা বসুমতাৰী উপস্থিত থাকে ৷

শান্তি চুক্তি স্বাক্ষৰ এনডিএফবি (এছ)ৰ
শান্তি চুক্তি স্বাক্ষৰ এনডিএফবি (এছ)ৰ

গোটটোৱে মূলসুঁতিলৈ উভতি আহি হিংসা পৰিহাৰ কৰাৰ লগতে বড়ো সংগঠনসমূহৰ সৈতে শান্তি প্ৰক্ৰিয়াত মিলিত হ'বলৈ আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰিছে ৷ এক প্ৰতিবেদন অনুসৰি গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ শিবিৰ এৰি এনডিএফবি (এছ)ৰ চাওৰাইগৌৰা গোটৰ এটি ৫০ জনীয়া দল মূলসুঁতিলৈ ঘূৰি আহিছে বুলি বাতৰি প্ৰকাশ পাইছিল ৷ এই চাওৰাইগৌৰা গোটটো হৈছে আলোচনাৰ বাবে সন্মত হোৱা সংগঠনটোৰ তৃতীয়টো গোট ৷

এনডিএফবি (এছ)ৰ চাওৰাইগৌৰা গোটৰ একাংশ সদস্য

নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক তথা মধ্যস্থতাকাৰী ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে সদৰী কৰা মতে,তেওঁলোকে ম্যানমাৰৰ পৰা এনডিএফবি (এছ)ৰ দলটোক আদৰি লৈ আহি নতুন দিল্লীলৈ নিয়ে আৰু চৰকাৰৰ সতে চুক্তি সম্পন্ন কৰে। চুক্তি স্বাক্ষৰ কৰা এনডিএফবি (এছ)ৰ দলটোক সম্প্ৰতি নতুন দিল্লীত চৰকাৰে বিশেষ আতিথ্যৰে ৰাখিছে আৰু কম দিনৰ ভিতৰতে অসমলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিলাসীপাৰাত ৰিপুন বৰাৰ নেতৃত্বত পদযাত্ৰা

Intro:Body:

*Desk* 👆

কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰে শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি(ছা)ৰ । সংগঠনটোৰ সভাপতি বি ছাউৰাইগ্ৰাই স্বাক্ষৰ কৰে এই চুক্তিত ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.