ETV Bharat / state

প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

author img

By

Published : Sep 14, 2020, 4:31 PM IST

প্ৰমোদ বড়োই বেবেৰিবাং বিটিআৰ চুক্তি কৰিলে । এই চুক্তিত বড়ো সকলৰ বিশেষকৈ এনডিএফবিৰ বাবে একো নাই বুলি মন্তব্য কৰে এনডিএফবি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ধীৰেণ বড়োৱে ৷ চিৰাঙৰ কয়লাময়লাত সোমবাৰে কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ধীৰেণ বড়োৱে ৷

এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱস
এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱস

চিৰাং, 14 ছেপ্তেম্বৰ: চিৰাঙৰ কয়লাময়লাত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱস ৷ এনডিএফবিৰ চাৰিওটা গোটৰ সমন্বয়ৰক্ষী সমিতিয়ে যৌথভাৱে উদযাপন কৰে শ্বহীদ দিৱস ৷ শ্বহীদ দিৱস উপলক্ষে ক'লা পতকা উত্তোলন কৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ধীৰেণ বড়োৱে ৷ আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন কৰে বি বেংগা আৰু বি ছাউৰাইগ্ৰাই ৷

বিটিআৰ চুক্তিত বড়ো সকলৰ বিশেষকৈ এনডিএফবিৰ বাবে একো নাই

শ্বহীদ দিৱস উপলক্ষে অনুষ্ঠিত সভাত ধীৰেণ বড়োই কয়,বিটিআৰ চুক্তিয়ে এনডিএফবিক ধ্বংসহে কৰিছে ৷ দীৰ্ঘদিন এনডিএফবিৰ তিনিটা গোটে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰাৰ পাচত ভাল এটা চুক্তি হ'বলৈ গৈ আছিল ৷ কিন্তু ইয়াৰ মাজতে প্ৰমোদ বড়োৱে এবছুৰ নেতৃত্বত আইবিৰ সৈতে গৈ আমাৰ আলোচনা তথা চুক্তি হাইজেক কৰি বিটিআৰ চুক্তি কৰিলে । যি যুক্তি এতিয়া বেবেৰিবাং হ'ল বুলিও উল্লেখ কৰে তেওঁ ৷ আলোচনাৰ শেষত চুক্তিৰ অন্তিম পৰ্যায়ত যেতিয়া প্ৰমোদ বড়োৱে এনডিএফবিৰ সৈতে এক চুক্তি হ'বলৈ গৈ আছে বুলি গম পোৱাৰ পিচত হঠাতেই চুক্তি স্বাক্ষৰকাৰীৰ ৰূপত তেওঁৰ আৱিৰ্ভাৱ হয় । কাৰণ তেওঁ জানিছিল যে তেওঁ দীৰ্ঘদিনে এবছুৰ হৈ কৰি অহা আন্দোলন নিঃশেষ হ'ব আৰু সকলো এনডিএফবিৰ হৈ যাব । সেয়ে প্ৰমোদ বড়োৱে এই ধৰণৰ বেবেৰিবাং বিটিআৰ চুক্তি কৰিলে । এই চুক্তিত বড়ো সকলৰ বিশেষকৈ এনডিএফবিৰ বাবে একো নাই বুলিও কয় তেওঁ ।

প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

ইয়াৰোপৰি তেওঁ কয়,এই চুক্তিৰ পিচত আমি চিন্তা চৰ্চা কৰি এনডিএফবিৰ চাৰিওটা গোট একত্ৰিত হৈ সমন্বয় ৰক্ষা কমিটি গঠন কৰি এনডিএফবিৰ নেতা তথা কেডাৰ সকলক জেলৰ পৰা ওলোৱা,সকলো গোচৰ নিষ্পত্তি কৰা,কেডাৰ সকলৰ স‌ংস্থাপন আদিৰ বিষয়ে চৰকাৰৰ সৈতে আলোচনাৰ মাজেৰে আগবাঢ়ি আছিলো ৷ তেনে সময়তে ইউপিপিএলৰ প্ৰমোদ বড়ো আৰু এবছুয়ে ক্ৰেডিট ল'বলৈ এই সকলোবোৰ তেওঁলোকে কৰা বুলি প্ৰকাশ কৰিব বিচাৰিছে। সেইয়া অতিকে দুখজনক । এনডিএফবিৰ দীৰ্ঘদিনীয়া আন্দোলন,ত্যাগৰ ক্ৰেডিট এবছুয়ে কিয় ল'ব যায় বুলি প্ৰশ্ন কৰে এনডিএফবিৰ নেতা ধীৰেণ বড়োৱে ।

চিৰাঙৰ কয়লাময়লাত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱস

লগতে পঢ়ক: ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.