দৰং, 6 অক্টোবৰ : আজি 6 অক্টোবৰ শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস । 1972 চনৰ মাধ্যম আন্দোলনৰ প্রথম গৰাকী শ্বহীদ মঙলদৈৰ মোজাম্মিল হকৰ মৃত্যু দিৱস মঙলবাৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ দৰং জিলা সমিতিয়ে যৌথভাৱে দৰং জিলা সাহিত্য সভাৰ পেক্ষাগৃহত উদযাপন কৰে ।
![National Martyr Mozammil Haque Memorial Day Celebration At Darrang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-02-mojamil-10006_06102020142738_0610f_1601974658_586.jpg)
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা 9 বজাত শ্বহীদ তৰ্পন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক বিচিত্র কুমাৰ মেধি আৰু শ্বহীদ ভাতৃ বদৰুল হকে । 9.30 বজাত আৰম্ভ হয় মুকলি সভা আৰু স্মাৰক বক্তৃতানুষ্ঠান । মুকলি সভাখন দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন ৰাজবংশীয়ে উদ্বোধন কৰে । সভাত সভাপতিত্ব কৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে ।
![National Martyr Mozammil Haque Memorial Day Celebration At Darrang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-02-mojamil-10006_06102020142738_0610f_1601974658_688.jpg)
লগতে পঢ়ক : কাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !
অসমীয়া মাতৃভাষা-ৰাজ্যভাষা,72 ৰ মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হক শীৰ্ষক বিষয়ৰ ওপৰত স্মাৰক বক্তৃতা প্রদান কৰে পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপদেষ্টা ভৱেশ কাকতিয়ে । সভাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই সন্মানীয় অতিথিৰূপে সভাত অংশগ্রহন কৰে ।
1972 চনৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ মোজাম্মিল হকৰ সোঁৱৰণত দৰঙৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে অসমীয়া বিষয়ত সৰ্ব্বোচ্ছ নম্বৰ প্ৰাপ্তৰ লগতে অসমৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত পূবালী ডেকা আৰু ধৃতিৰাজ বাস্তৱ কলিতাৰ নিজ গৃহত গৈ দৰং আছুৰ নেতৃত্বত মোজাম্মিল হক সোঁৱৰণী স্মাৰক বঁটা 2020 প্ৰদান কৰা হয় ।
![National Martyr Mozammil Haque Memorial Day Celebration At Darrang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9070137_tt.jpg)
উল্লেখ্য যে, 1972 চনৰ মাধ্যম আন্দোলনৰ কাৰ্যসূচী পালনৰ অৰ্থে 5 অক্টোবৰৰ দিনা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ ছাত্ৰ-ছাত্ৰী সকল পিকেটিং কৰিবলৈ গৈছিল । শ্ল'গান আছিল 'অসমত শিক্ষাৰ মাধ্যম অসমীয়া হ'বই লাগিব'। খাৰুপেটীয়াত আন্দোলন বিৰোধী এদল লোকে ছাত্ৰ-ছাত্ৰী সকলক আক্ৰমন কৰিছিল । অষ্টম শ্ৰেণীৰ ফুল কুমলীয়া ছাত্ৰ মোজাম্মিল হকক আক্ৰমন কৰাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল যদিও পিচৰ দিনা 6 অক্টোবৰত ছাত্ৰ গৰাকী শ্বহীদ হৈছিল ৷
লগতে পঢ়ক : কৰিমগঞ্জত হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে