ETV Bharat / state

বিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া - MP Naba Sarania's reaction on the delay request of BTC election

নিৰ্বাচন পিচুৱাই দিয়াৰ সলনি নিৰ্বাচন অনুষ্ঠিত কৰিলে সমস‍্যা এটাৰ সমাধান হ'ব বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ অৰ্থাৎ ৰাজ‍্যপালৰ শাসনৰ ছয় মাহ সময় শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি সাংসদ গৰাকী ৷

MP Naba Sarania's reaction on the delay request of BTC election
বিটিচিৰ নিৰ্বাচন পিছুৱাওৱাৰ সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া
author img

By

Published : Sep 21, 2020, 1:30 PM IST

চিৰাং, 21 ছেপ্তেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচন পিচুৱাই দিয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আয়োগৰ ওচৰত আবেদন জনোৱাৰ পিচতে প্ৰতিক্ৰিয়া ব‍্যক্ত কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ সাংসদ গৰাকীয়ে কয় যে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ সকলো কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে । লগতে দেশজুৰি যিহেতু আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে সেয়ে স্বাস্থ‍্য বিভাগৰ নিয়ম অনুসৰি অতি সোনকালে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে সাংসদ গৰাকীয়ে ৷ তেওঁ উল্লেখ কৰে যে, নিৰ্বাচন পিচুৱাই দিয়াৰ সলনি নিৰ্বাচন অনুষ্ঠিত কৰিলে সমস‍্যা এটাৰ সমাধান হ'ব ৷ অৰ্থাৎ ৰাজ‍্যপালৰ শাসনৰ ছয় মাহ সময় শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি সাংসদ গৰাকী ৷

বিটিচিৰ নিৰ্বাচন পিছুৱাওৱাৰ সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

ইয়াৰ উপৰিও বিটিচিত অধিক সময় ৰাজ‍্যপালৰ শাসন বলৱৎ হৈ থাকিলে আইন পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সন্দেহ প্ৰকাশ কৰে সাংসদজনে । ইয়াৰ লগতে চৰকাৰী পক্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়কে ক'ভিডৰ বিধি উলংঘা কৰি জনসমাগমেৰে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সাধাৰণ জনতাক যাতে ভুল পথেৰে পৰিচালিত কৰিব নোৱাৰে সেই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়কঃ পাঠদানৰ প্ৰথমটো দিনতে বিদ্যালয়ত অনুপস্থিত অধিকাংশ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.