ETV Bharat / state

বিটিআৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ নৱ শৰণীয়াৰ - হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰী শ্ল’ পইজন আৰু প্ৰমোদ বড়ো ফাষ্ট পইজন- এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ । বৃহস্পতিবাৰে বঙাইগাঁও আৱৰ্ত ভৱনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বিটিআৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় ।

MP Naba Sarania byte on BTR Chirang assam etv bharat news
সাংসদ নৱ শৰণীয়া
author img

By

Published : Oct 1, 2020, 8:42 PM IST

চিৰাং,1 অক্টোবৰ: পূৰ্বৰ বিটিচি এতিয়া পৰিচিত বিটিআৰ হিচাপে ৷ কোভিড 19 ৰ বাবে সাময়িকভাৱে স্থগিত হৈ পৰা বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ উদ্বেগ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত । ইয়াৰ মাজতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বৃহস্পতিবাৰে বঙাইগাঁও আৱৰ্ত ভৱনত বিটিচি নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় । সাংসদগৰাকীয়ে বিটিআৰ চুক্তি সম্পাদনৰ সময়ত বিৰোধিতা কৰাৰ পিছতো একপক্ষীয়ভাৱে চৰকাৰে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰা বুলি মন্তব্য কৰে ৷

বিটিআৰ চুক্তিৰ পূৰ্বে নহ’ল আলোচনা

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিটিচিৰ অন্যান্য জনগোষ্ঠীৰ সৈতে আলোচনা কৰি অ-বড়ো লোকসকলক লৈ বিটিআৰ চুক্তি ৰূপায়ণ কৰা হ’ব বুলিও প্ৰকাশ কৰে ৷ পূৰ্বে বিটিচি চুক্তিৰ ক্ষেত্ৰতো বিটিচিৰ পৰা 960 খন অবড়ো গাঁও কৰ্তনৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ দিয়াত ন্যায়ালয়ে গাঁও কৰ্তনৰ বাবে কমিচন গঠনৰ পৰামৰ্শ দিয়াৰ পিছতো গগৈ বা সোণোৱাল কোনো চৰকাৰেই কমিচন গঠন নকৰিলে ।

ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰা নাই : শৰণীয়া

কিন্ত বিটিআৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অবড়ো লোকসকলক একাশৰীয়া কৰি একপক্ষীয়ভাৱে পুনৰ চুক্তি ৰূপায়ণৰ বাবে কমিচন গঠন কৰিলে । হাগ্ৰামা মহিলাৰীয়ে জনোৱা অনুসৰি মাত্ৰ 52 খন গাঁওহে ইয়াৰ দ্বাৰা কৰ্তন কৰা হ’ব । অবড়োসকলে ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ আৰু সংৰক্ষণৰ অধিকাৰৰ বাবে একো নকৰিলে । এটা জনগোষ্ঠীৰ বাবে তিনিখন চুক্তি সম্পাদিত কৰিলে কিন্তু অবড়ো সকলৰ বাবে কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে ৷

মহিলাৰীৰ ভূমিকা সন্দেহজনক বুলি আখ্যা

কৰ’ণা ভাইৰাছৰ গইনাৰে বিজেপিয়ে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ শৰণীয়াই । শৰণীয়াই কয়, বিজেপি-ইউপিপিএলে নিজৰ দলৰ স্থিতি দুৰ্বল দেখিয়ে এই খাম-খেয়ালি কৰি আছে । অন্যান্য ঠাইত কৰ’ণাৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হৈ আছে । তদুপৰি বিটিআৰত শীঘ্ৰে ৰাজ্যপালৰ শাসনৰ অন্ত পৰিব ৷ এই শাসন পুনৰ বৃদ্ধি কৰিব নালাগে বুলি কয় শৰণীয়াই ৷ সাংসদ শৰণীয়াই লগতে কয় যে, বিটিচিত অবড়ো লোকৰ বাবে হাগ্ৰামা মহিলাৰী শ্ল’ পইজন আৰু প্ৰমোদ বড়ো ফাষ্ট পইজন । গতিকে অবড়ো ৰাইজে পইজন খাই মৰাতকৈ গণ সুৰক্ষা পাৰ্টিক সমৰ্থন আগবঢ়াব বুলি আশাবাদী শৰণীয়া ৷

কৰ’ণাৰ দোহাই দি নিৰ্বাচনত পলম হৈছে

লগতে চাওকঃ কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.