চিৰাং, 21 আগষ্ট: চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ শুকুৰবাৰে পুৱাৰ ভাগত হঠাতে অসুস্থ হৈ পৰে বিধায়ক গৰাকী ৷ তাৰ পাচতেই তাতালিকে তেওঁক লৈ যোৱা হয় বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ চিকিৎসালয় খনত ভৰ্তি কৰোৱাৰ পাচতে তেওঁৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ পাচত তেওঁ COVID-19l আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হয় ৷
বিধায়ক গৰাকী COVID-19ত আক্ৰান্ত বুলি অৱগত হোৱাৰ পাচতে তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ৷ উল্লেখ্য যে, জিলা খনত শুকুৰবাৰৰ দিনটোত মুঠ ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ শুকুৰবাৰৰ দিনটোলৈ চিৰাঙত মুঠ 613 গৰাকী লোকলৈ বৃদ্ধি পায় COVID-19 আক্ৰান্তৰ সংখ্যা ৷ অৱশ্যে ইয়াৰ ভিতৰত ৪৫৯ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ বৰ্তমানেও ১৫৪ লোক জিলাখনত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: COVIDত আক্ৰান্ত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দেৰগাঁৱৰ বিধায়ক