চিৰাঙ, 13 মে’: চিৰাঙৰ চিৰাঙৰ আঞ্চলিক আছু কাৰ্য্যালয়ত কলা ৰং সনা কাণ্ডৰ প্ৰতিক্ৰীয়া জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে এই কাৰ্য কোনো পধ্যেই গ্ৰহনযোগ্য নহয় । আছু বা আন ছাত্ৰ সংগঠনৰ কাৰ্য্যালয়ত আক্ৰমনৰ দৰে ঘটনা মানি লব পৰা ধৰণৰ নহয় । নীতি-আদৰ্শ বেলেগ হলেও এটা সংগঠনে আন এটা সংগঠনৰ প্ৰতি শ্ৰদ্ধাশীল হব লাগিব তেতিয়া হে শান্তিৰ অসম গঢ়া সম্ভৱ হব ৷
লগতে পঢ়ক: এটা দুৰ্ভাগ্যজনক 'হিউম্যান ট্ৰেজেডি' হবলৈ গৈ আছেঃ উৰ্খাও গৌৰা ব্ৰহ্ম
উল্লেখযুগ্য যে দেওবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়, কাৰ্যালয়টোৰ নাম ফলক আৰু শ্বহিদ বেদীত ক'লা ৰং সানে ৷