ETV Bharat / state

চিৰাং-বঙাইগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ - চিৰাং

বৃহস্পতিবাৰে চিৰাং আৰু বঙাইগাঁৱৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু ভিন্ন বিভাগৰ বিষয়ববীয়াসকলে ৷

minister visit
বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ
author img

By

Published : Jul 9, 2020, 1:28 PM IST

চিৰাং, 9 জুলাইঃ ৰাজ্যত অব্যাহত আছে বানৰ সংহৰী ৰূপ ৷ 9 জুলাই দিনটোত সমগ্ৰ অসমতে বানৰ কবলত পৰিছে মুঠ 354 খনকৈ গাঁও ৷ ইয়াৰ লগে লগে বৰ্তমালৈ ৰাজ্যখনত মুঠ 3,486 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত ৷ ইয়াৰ সমান্তৰালকৈ বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে মুঠ 25,66,111 গৰাকী লোক ৷ উল্লেখ্য যে, বানৰ কবলত পৰি বৰ্তমানলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত মুঠ 40 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ আনহাতে আই নদীৰ বাঢ়নী পানীয়ে সম্প্ৰতি বিধ্বংসী ৰূপ ধাৰণ কৰিছে চিৰাং আৰু বঙাইগাঁও জিলাত ৷ দুয়োখন জিলাৰে বিজনী আৰু মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 10 খন গাঁও বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ চিৰাং জিলা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী ১ নং জাৰাগুৰী, ২ নং জামদহা, নধীয়াপাৰা, ৩ নং জামদহা, ৪ নং আৰু ৫ নং জামদহাকে ধৰি কেইবাটাও অঞ্চল সম্প্ৰতি সম্পূৰ্ণ জলমগ্ন ৷ যাৰ বাবে বানাক্ৰান্ত লোকে অস্থায়ী ঘৰ সাজি সম্প্ৰতি পথৰ কাষতে থকিবলগীয়াহৈছে ৷ ইয়াৰোপৰি, বিগত এসপ্তাহে নধীয়াপাৰাৰ ৰায়পাৰাস্থিত বৰ্ণালী ক্লাৱত মুঠ 52 গৰাকী, নধীয়াপাৰা প্ৰাথমিক বিদ্যালয় আৰু নধীয়াপাৰা অনচাই আফাদ ক্লাৱ এণ্ড লাইব্ৰেৰীত ১৭৬ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

চিৰাং-বঙাইগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

বৃহস্পতিবাৰে দুয়োখন জিলাৰে বানপিড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, চিৰাং জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম,বঙাইগাঁও জিলা অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস, বিজনী ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰায়ৰ লগতে, পশু পালন আৰু পশু চিকিৎসা বিভাগ, বিদ্যুৎ বিভাগ, জলসিঞ্চন বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়াই ৷ পৰিদৰ্শনৰ পূৰ্বে মন্ত্ৰী চন্দন ব্ৰহ্মই বানপীড়িত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ৷ তাৰ পৰৱৰ্তী সময়ত নাৱেৰে পৰিদৰ্শন কৰে বান বিধ্বস্ত বিস্তৰ অঞ্চল ৷ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, যদিহে আই নদীত কোনো ধৰণৰ সুৰক্ষা দিয়া নহয় তেন্তে তাৰ তলত থকা বিস্তৰ অঞ্চল ৰক্ষা কৰিব পৰা নাযাব ৷ পানী শুকালেহে তাত সুৰক্ষাৰ ব্যৱস্থা কৰিব পৰা যাব ৷ সম্প্ৰতি বানাক্ৰান্ত লোকসকলক আশ্ৰয় প্ৰদানৰ বাবে কোনো নিৰাপদ স্থানত আশ্ৰয় শিবিৰ স্থাপন কৰি, সাহায্য প্ৰদান কৰি থকাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে চৰকাৰ ৰাইজৰ লগত আছে, যাৰ বাবে ৰাইজক শংকিত নহৈ নিশ্চিন্ত মনে থাকিবলৈ আশ্বাস প্ৰদান কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ ইয়াৰোপৰি তেওঁ ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক যিকোনো প্ৰকাৰে হ'লেও উদ্ধাৰ কৰিব বুলিও মন্তব্য কৰে ৷

বান বিধ্বস্ত অঞ্চল
বান বিধ্বস্ত অঞ্চল

লগতে পঢ়কঃ প্ৰলয়ংকাৰী বানত প্লাৱিত জোনাইৰ বহু গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.