ETV Bharat / state

বিজনীত হাতীৰ আক্ৰমণত নিহত 1, মৃতদেহ লৈ স্থানীয়ৰ প্ৰতিবাদ

author img

By

Published : Aug 19, 2020, 12:10 PM IST

বুধবাৰে চিৰাঙৰ বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক । বন বিভাগৰ হেমাহিৰ বাবেই অঞ্চলটোত দীৰ্ঘদিন ধৰি এনেদৰে হাতী মানুহৰ সংঘাট হৈ আহিছে বুলি প্ৰকাশ কৰে স্থানীয়ই ৷ যাৰ বাবে হাতীৰ আক্ৰমণত নিহত ব্যক্তিগৰাকীৰ মৃতদেহ লৈ পথ অৱৰোধ কৰে অঞ্চলটোৰ ৰাইজে ৷

চিৰাং
বিজনীত হাতীৰ আক্ৰমণত নিহত 1, মৃতদেহ লৈ স্থানীয়ৰ প্ৰতিবাদ

চিৰাং, 19 আগষ্টঃ চিৰাঙৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক । মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ ওচৰত হাতী-মানুহৰ সংঘাতৰ ফলত নিহত হয় লোকজন । বিষ্ণুপুৰ বজাৰৰ মাজমজিয়াত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ঝাৰবিষপানী গাঁৱৰ অধৰ মেধি (৬১) নামৰ লোকজন ।

আনহাতে, এই সন্দৰ্ভত বিষ্ণুপুৰ আঞ্চলিক সমিতি সদৌ বিটিচি বঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক সুখদেৱ ৰাজবংশীয়ে চৰকাৰক অতি সোনকালে দৰিদ্ৰ পৰিয়ালটোক ২০ লাখ টকাৰ এককালীন আৰ্থিক সহায়ৰ দাবী জনায় । ঘটনাস্থলীত পানবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁৱলৈ প্ৰেৰণৰ চেষ্টা চলাই যদিও ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হয় । অঞ্চলটোত নিতৌ বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতো বন বিভাগৰ কোনো শীৰ্ষ বিষয়াই অঞ্চলটো পৰিদৰ্শন নকৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । সেয়ে বন সংমণ্ডল বিষয়া ঘটনাস্থলীত নহা পৰ্যন্ত মৃতদেহ লৈ প্ৰতিবাদ জনোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় লোকে ।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত মানাস ৰাষ্ট্ৰীয় উদ্যান তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে গ্ৰামাঞ্চলৰ লোকৰ মাজত সন্ত্ৰাস চলাই আহিছিল যদিও এই ক্ষেত্ৰত বন্য হস্তীক ভেটিবলৈ বন বিভাগে লোৱা নাছিল কোনো ব্যৱস্থা ৷ যাৰ ফলতেই সঘনাই জিলাখনত বন্য হস্তীৰ আক্ৰমনত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংস হোৱাৰ ওপৰিও প্ৰতিবছৰেই বহু লোকৰ মৃত্যু হয় বুলি প্ৰতিবাদ সাব্যস্ত কৰে । বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য হস্তীক ৰুধিবলৈ কোনো ধৰনৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থা নাই । সেয়েহে শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ দাবী জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ ফেডাৰেছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.