ETV Bharat / state

Encounter : আৰক্ষীৰ পিস্তল কাঢ়ি লোৱা অপৰাধীক গুলীয়ালে আৰক্ষীয়ে - chirang police

গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হৈছে ৷ আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলালে গুলী ৷ মঙলবাৰে চিৰাঙৰ বিজনী থানাৰ পৰা কৰ্তব্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা অৱস্থাত নিশা দাহেৰে ঘপিয়াই হত্যা কৰা হৈছিল গৃহৰক্ষী জোৱান ইয়াদ আলীক ৷

killer Abdul Khalek killed in chirang police firing
চিৰাং আৰক্ষীৰ গুলীত নিহত হত্যাকাৰীক আব্দুল খালেক
author img

By

Published : Jul 8, 2021, 5:49 PM IST

চিৰাং, 8 জুলাই : চিৰাং জিলাৰ বিজনী কাচদহাত সংঘটিত হোৱা গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হৈছে ৷ যোৱা মঙলবাৰে সংঘটিত হৈছিল গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ড ৷ বৃহস্পতিবাৰে এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰে চিৰাং জিলাৰ আৰক্ষীৰ অধীক্ষক গৌৰৱ উপাধ্যায়ে ৷

"হত্যাৰ তদন্তৰ বাবে দুই অভিযুক্তক হত্যাকাণ্ড সংঘটিত ঠাইলে লৈ গৈছিল চিৰাং আৰক্ষীয়ে ৷ হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰ কৰিবৰ বাবে নিয়া হৈছিল দুই হত্যাকাৰীক ৷ সেই সময়তে আব্দুল খালেক নামৰ হত্যাকাৰীজনে বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ পিস্তল কাঢ়ি লৈ আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰিছিল ৷ যাৰ বাবে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে খালেকক গুলীয়াই আহত কৰিবলৈ বাধ্য হয় ৷" সাংবাদিকৰ আগত আৰক্ষী অধীক্ষক গৰাকীয়ে এই দৰে কয় ৷

আৰক্ষীৰ গুলিত আহত আব্দুল খালেক সংকটজনক অৱস্থাত বিজনী ভেটাগাঁও প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎলয়তে আব্দুল খালেকৰ মৃত্যু হয় ৷ বাকী দুগৰাকী অভিযুক্ত আয়ুব আলী আৰু ছফিউৰ খন্দকাৰ বিজনী থানাত আছে বুলি জানিবলৈ দিয়ে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ নিহত হত্যাকাৰী আব্দুল খালেক পত্নী হত্যা গোচৰত পূৰ্বেও কাৰাৰুদ্ধ হৈছিল ৷

চিৰাং আৰক্ষীৰ গুলীত নিহত হত্যাকাৰীক আব্দুল খালেক

আৰক্ষীৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ভাণ্ডাৰা বজাৰৰ ফাৰ্মাচিষ্ট ছফিউৰ খন্দকাৰ ৷ ছফিউৰ খন্দকাৰক আটক কৰা পাচতে পোহৰলৈ আছিল গৃহৰক্ষী জোৱানজনৰ হত্যাৰ প্ৰকৃত তথ্য ৷ ফাৰ্মাচিষ্ট ছফিউৰ খন্দকাৰে গৃহৰক্ষী জোৱান জনক হত্যা কৰিবৰ বাবে দুগৰাকী পেশাদাৰী হত্যাকাৰীক দায়িত্ব দিছিল ৷

চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে হত্যাকাণ্ড মূল অভিযুক্ত ছফিউৰ খন্দকাৰে আব্দুল খালেক(২০) আৰু আয়ুব আলী (১৮) নামৰ দুগৰাকী কিলাৰক 1.5 লাখৰ বিনিময়ত জোৱান গৰাকীক হত্যা কৰিবলৈ দায়িত্ব অৰ্পন কৰিছিল ৷ ছফিউৰ খন্দকাৰে এই কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ পাচতে দুই কিলাৰক আটক কৰিছিল চিৰাং আৰক্ষীয়ে ৷ ইয়াৰ পাচতে গৃহৰক্ষী জোৱান গৰাকীৰ হত্যাৰ তদন্ত চিৰাং আৰক্ষীয়ে অধিক তীব্ৰতৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, প্ৰাথমিক তদন্তত গৃহৰক্ষী জোৱান ইয়াদ আলীক পাৰিবাৰিক কন্দলৰ বাবে হত্যা কৰিছিল বুলি নিশ্চিত হৈছিল চিৰাং আৰক্ষী ৷ কিন্তু অধিক তথ্য সন্ধানত তদন্ত অব্যাহত ৰাখিছিল চিৰাং আৰক্ষীয়ে ৷

যোৱা মঙলবাৰে চিৰাঙৰ বিজনী থানাৰ পৰা কৰ্তব্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা অৱস্থাত নিশা দাহেৰে ঘপিয়াই হত্যা কৰা হৈছিল গৃহৰক্ষী জোৱান ইয়াদ আলীক ৷ ইয়াৰ পাচতে সমগ্ৰ কাচদহাৰ অঞ্চলত এক চাঞ্চল্যই বিৰাজ কৰিছিল ৷ ঘটনা সংঘটি হোৱাৰ লগে লগেই ঘটনা স্থলিত চিৰাং আৰু বঙাইগাঁও জিলা আৰক্ষী অধিক্ষককে আদি কৰি আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল ৷

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে নিহত গৃহৰক্ষী জোৱানৰ পত্নীসহ পৰিয়ালত থাকি যোৱা তিনি সন্তানক ১৮ বছৰ নোহোৱালৈ ১৫০০ (পোন্ধৰ শ) টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব বুলি সংবাদ মেলত ঘোষণা কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিও উপস্থিত থাকে ।

লগতে পঢ়ক: চামগুৰি আৰক্ষীৰ জালত পৰিল দুটাকৈ গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.