ETV Bharat / state

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ জনগোষ্ঠীটোৰ উন্নয়নৰ প্ৰথম খোজঃ বিশ্বজিৎ ৰায়

author img

By

Published : Sep 5, 2020, 8:43 PM IST

চিৰাঙৰ কদমতলিত কোচ ৰাজবংশী জাতীয় মহাসভাৰ নেতৃত্বক ৰাইজৰ বিপুল আদৰণি । জনজাতিকৰণ আৰু পৃথক ৰাজ্য কমতাপুৰ উদ্ধাৰৰ আন্দোলন ইয়াতে খান্ত নহয় বৰঞ্চ ইয়াৰ প্ৰসাৰ হে হ’ব । জনগোষ্ঠীটোৰ কলা-কৃষ্টি বিশ্ব দৰবাৰত দাঙি ধৰাৰ এয়া এক সোণালী সুযোগ বুলি কয় বিশ্বজিৎ ৰায়ে ।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ জনগোষ্ঠীৰ উন্নয়নৰ প্ৰথম খোজ : বিশ্বজিৎ ৰায়

চিৰাং, 5 ছেপ্তেম্বৰ : চিৰাং জিলাৰ কদমতলিত কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতিয়ে আয়োজন কৰা এক অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বক বিপুল আদৰণি জনায় ৰাইজে । ঢোলে ডগৰে আগুৱাই আনি ৰঙেৰে হোলি উৎসৱৰ দৰে আনন্দ উল্লাসেৰে আদৰণি জনায় কেন্দ্ৰীয় নেতৃত্বক ।

কোচ ৰাজবংশী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সভাপতি নিৰ্মল ৰায়, সম্পাদক বিশ্বজিত ৰায়, অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আদি কেবা জনো নেতা কদমতলিৰ আদৰণি সভাত অংশগ্ৰহণ কৰে ।

কোচ ৰাজবংশী জাতীয় মহাসভাৰ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে, দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত অসম চৰকাৰে কোচ ৰাজবংশী সকলৰ আন্দোলনক স্বীকৃতি দিছে । গতিকে এই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ জনগোষ্ঠীটোৰ উন্নয়নৰ প্ৰথমটো খোজহে মাথো ।

জনজাতিকৰণ আৰু পৃথক ৰাজ্য কমতাপুৰ উদ্ধাৰৰ আন্দোলন ইয়াতে খান্ত নহয় বৰঞ্চ ইয়াৰ প্ৰসাৰ হে হ’ব । জনগোষ্ঠীটোৰ কলা-কৃষ্টি বিশ্ব দৰবাৰত দাঙি ধৰাৰ এয়া এক সোণালী সুযোগ হে বুলি কয় বিশ্বজিৎ ৰায়ে ।

যি সকল লোকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ লৈ সমালোচনা বা বিৰোধিতা কৰিছে তেওঁলোক কোচ ৰাজবংশী হয় নে নহয় তাত সন্দেহ আছে বুলি কয় বিশ্বজিত ৰায়ে । কাৰণ এই স্বায়ত্ব শাসিত পৰিষদে জনগোষ্ঠীটোক বিশ্ব দৰবাৰত খোজ দিয়াৰ মাইলৰ খুটা বুলি উল্লেখ কৰে বিশ্বজিত ৰায়ে ।

লগতে চাওক-অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.