ETV Bharat / state

নাগালেণ্ডত আটক ধৰ্ষণকাণ্ডৰ অভিযুক্ত ঈষাণ নাৰ্জাৰী - ধৰ্ষন

ঈষাণ নাৰ্জাৰীৰ বিৰুদ্ধে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ঔগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ 12 বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

নাগালেণ্ডত আটক ধৰ্ষনকাণ্ডৰ অভিযুক্ত ঈশান নাৰ্জাৰী
author img

By

Published : May 18, 2019, 3:18 PM IST

চিৰাং, 18 মে': অৱশেষত চিৰাং আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাণ্ডৰ অভিযুক্ত ঈষাণ নাৰ্জাৰীক ৷ এই লোক জনৰ বিৰুদ্ধে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ঔগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ 12 বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰা অভিযোগ উত্থাপিত হৈছিল ৷

নাগালেণ্ডত আটক ধৰ্ষণকাণ্ডৰ অভিযুক্ত ঈষাণ নাৰ্জাৰী

বিগত 30 এপ্ৰিলত চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে এটি নৱজাতকক জন্ম দিছিল ৷ অৱশ‍্যে জন্মৰ প্ৰায় তিনিঘন্টাৰ পিচতে নৱজাতকটিৰ মৃত্যু হৈছিল ৷ ইপিনে ছাত্ৰী গৰাকীক ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিচতে নাৰ্জাৰীৰ বিৰুদ্ধে আমগুৰি থানাত , শিশু ধৰ্ষণ বিৰোধী আইনৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰাৰ মতে 14/19 নম্বৰ গোচৰ পঞ্জীয়ন হৈছিল ৷ আনহাতে বিপদৰ উমান পাই অভিযুক্ত ঈষাণ নাৰ্জাৰীয়ে বিগত বহু সময় ধৰি পলাতক অৱস্থাত থাকে ৷ উল্লেখ্য যে, ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ঔগুৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ তেনে সময়তে শুকুৰবাৰে নিশা চিৰাং আৰক্ষীয়ে অভিযুক্ত ধৰ্ষণকাৰীক বিচাৰি নাগালেণ্ডৰ মৰ্ককছঙৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

Intro:চিৰাং আৰক্ষীৰ সফলতা,বহি:ৰাজ‍্য নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ ধৰ্ষনকাৰী ঈশান নাৰ্জাৰী (৬১)ক। ধৰ্ষনৰ ঘটনা পোহৰলৈ অহাৰ পিচৰে পৰা পলাতক আছিল ধৰ্ষনকাৰীজন। তেওঁৰ বিৰুদ্ধে নাঙলভাঙা আৰক্ষী চকীত গোচৰ দিয়াৰ পিচতে আমগুৰী থানাত ১৪/১৯ নম্বৰ গোচৰ পঞ্জিয়ন হৈছিল শিশু ধৰ্ষন বিৰোধী আইন ৰ অধিনত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰা মতে ।
চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ঔগুৰিত এগৰাকী ষষ্ট শ্ৰেণীৰ ১২ বছৰীয়া ছাত্ৰীক ধৰ্ষন ধৰ্ষন কৰি অন্তসত্বা (গৰ্ভৱতী) কৰিছিল । যোৱা ৩০ এপ্ৰিল চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত নৱজাতকৰ জন্মদিব লগীয়া হৈছিল । অৱশ‍্যে জন্মৰ তিনিঘন্টা মানৰ পিচতে মৃত‍্যু হৈছিল নৱ জাতকৰ।

চিৰাং আৰক্ষীয়ে ধৰ্ষনকাৰিক বিচাৰি নাগালেণ্ডৰ মৰ্ককছঙৰ পৰা যোৱা নিশা গ্ৰেপ্তাৰ কৰি আনে । আজি বিজনী মহকুমা আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচাৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট লোৱা নাই । চেষ্টাত আছো ।

Conclusion:এইজন ধৰ্ষন কাৰীক গ্ৰেপ্তাৰৰ দাবীত ঔগুৰি বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসুচি ৰূপায়ন কৰিছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.