চিৰাং, 24 ফেব্ৰুৱাৰীঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ শুকুৰবাৰৰ পৰা চিৰাঙৰ কুকলুং বনাঞ্চলৰ নতুন মাটী গাঁৱত মানাহৰ পৰা ওলাই মুক্ত বিচৰণ কৰি থকা গঁড়টোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বনবিভাগে ৷ প্ৰথমে ইটিভি ভাৰতে এই গঁড়টোৰ মুক্ত বিচৰণৰ বাতৰি পৰিৱেশন কৰাৰ পিছত অন্যান্য সংবাদগোষ্ঠীও এই ক্ষেত্ৰত বাতৰি পৰিৱেশন কৰে ৷ এই বাতৰিৰ পিছতে বন বিভাগৰ লোকে বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি গড়টোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় ৷
উল্লেখ্য প্ৰজননৰ বাবে মানাহৰ পৰা ওলাই অহা গঁড়টো শুকুৰবাৰে গাঁও অঞ্চলত প্ৰৱেশ কৰিছিল আৰু দেওবাৰে বন বিভাগে খেদি পানবাৰী আৰু ছাউৰাং অঞ্চলৰ মাজত থকা জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিল ৷ কিন্তু গড়টো নিশা আকৌ তাৰ পৰা ওলাই আহি নতুন মাটীত গাঁওৰ মাজত আশ্ৰয় লৈছিল মাইকী গঁড়জনীয়ে ৷ আনহাতে কোনো দুৰ্বৃত্তই গঁড়টোক ভৰিত আঘাত কৰা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে ৷ কিন্তু বন বিভাগৰ লোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে গঁড়টোক নিয়ন্ত্ৰণ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ বাবে কিমান ক্ষীপ্ৰতাৰে বন বিভাগে কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷
আৰু পঢ়কঃচিৰাঙৰ নতুনমাটীত গঁড়ৰ মুকলি বিচৰণ