ETV Bharat / state

চিৰাঙৰ চিদলীত ধঁপাত কঢ়িয়াই নিয়া গাড়ী জব্দ

author img

By

Published : Aug 25, 2020, 7:51 AM IST

নিষিদ্ধ ধঁপাতৰ গাড়ী নিতৌ পশ্চিমবংগৰ পৰা আহে অসমলৈ । নিতৌ ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰক্ষীৰ চকুত ধুলি দি পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰে ধঁপাত কঢ়িওৱা গাড়ী ।

Illegal tobacco loaded truck seized at Chirang
চিৰাঙৰ চিদলীত ধঁপাত কঢ়িয়াই নিয়া গাড়ী জব্দ

চিৰাং, 25আগষ্টঃ সোমবাৰে নিশা চিৰাঙৰ চিদলীত আৰক্ষীয়ে ধঁপাত ভৰ্তি এখন ট্ৰাক জব্দ কৰে । পশ্চিমবংগৰ দিনহাটাৰ পৰা ধঁপাত কঢ়িয়াই অনা এ-এচ-১৭-বি-৫৭৪৭ নম্বৰৰ গাড়ীখন জব্দ কৰে আৰক্ষীয়ে । অসমত নিষিদ্ধ কৰা ধঁপাত লৈ নগাঁও জিলাৰ ৰূপহীহাটলৈ গৈ আছিল ট্ৰাকখন । নিশা ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্মই ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় গাড়ীখন । এই সন্দৰ্ভত জিলাখনৰ চিদলী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৩৭৯ ধাৰা আৰু ২০০৬ চনৰ খাদ্যৰ মান আৰু সুৰক্ষা আইনৰ ৫৫ নং অনুচ্ছেদ অনুসৰি ৬১/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে, বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা মতে, এ-এচ-১৭-চি-২৬৩৭, এ-এচ-১৭-চি-১৫৫৪ আৰু ডব্লিউবি ৬৯-৬৭৮৯ নম্বৰৰ তিনিখন গাড়ীয়ে নিষিদ্ধ ধঁপাত কঢ়িয়াই আনি কোকৰাঝাৰৰ কোনো অজ্ঞাত ঠাইত লুকুৱাই ৰাখিছে । যেতিয়াই সহযোগী এখন গাড়ী চিৰাঙত জব্দ কৰাৰ তথ্য লাভ কৰে লগে লগে কোকৰাঝাৰত লুকুৱাই ৰখাৰ তথ্য পোৱা গৈছে । নিতৌ ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰক্ষীৰ চকুত ধুলি দি পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰে ধঁপাত কঢ়িওৱা গাড়ী । লাখ লাখ টকাৰ অবৈধ ব্যৱসায় গঢ়ি উঠিছে ধঁপাতৰ । পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ জনৈক দিলিপ কুমাৰ সাহা ওৰফে সম্ভু নামৰ লোকজনে এই দৰেই নিতৌ অসমত ধঁপাতৰ ব্যৱসায় চলাই আহিছে বুলি জানিব পৰা গৈছে । অসমত নিষিদ্ধ থকাৰ পিচতো কিদৰে এইসমূহ ধঁপাত কঢ়িওৱা গাড়ী অসমত প্ৰৱেশ কৰে সেয়াও ৰহস্যজনক । এই বিষয়ে আন এটা সূত্ৰই প্ৰকাশ কৰে যে, যিহেতু নাগালেণ্ড বা অৰুণাচলত এই ধঁপাত নিষিদ্ধ নহয় সেয়ে পশ্চিমবংগৰ পৰা এই দুই ৰাজ্যৰ নামত চালান কাটি ধঁপাতৰ গাড়ীসমূহ অসমত প্ৰৱেশ কৰি অসমতে ব্যৱসায় চলায় ৷ প্ৰকৃততে গাড়ীসমূহ নাগালেণ্ড বা অৰুণাচললৈ গৈ নাপায় । এই বিষয়ে আৰক্ষীৰ তদন্ততৰ পিচতহে অধিক তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়কঃ শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.