চিৰাঙ, 4 আগষ্টঃ চিৰাঙত নিশা বন বিভাগৰ অভিযানত জব্দ কৰা হয় পাঁচ লক্ষাধিক মূল্যৰ চোৰাং কাঠ৷ শনিবাৰে নিশা চিৰাং জিলাৰ ৰুণিখাতা থানাৰ অন্তৰ্গত থাইকাঝোৰাৰ থইজৌবাৰীত বন বিভাগে এক অভিযান চলায়৷ সেনাৰ সহায়ত চলোৱা এই অভিযানত জব্দ কৰা হয় এক গাড়ী চোৰাং শালকাঠ৷ গাঁওখনৰ বন মাফিয়া সৌমখৌৰ বসুমতাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হয় কাঠখিনি৷ সৌমখৌৰ বসুমতাৰীৰ মাতৃ-ভগ্নী আৰু পত্নীয়ে নিশা অভিযান চলাবলৈ যোৱা দলটিৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমনৰ চেষ্টা চলায় যদিও পিচত বন বিভাগৰ লোকে কোনো মতে চোৰাং কাঠ সহ গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ।
ইয়াৰোপৰি বিয়লিৰ ভাগত বেংতলৰ পৰা আন এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰে বন বিভাগে ৷ উল্লেখযোগ্য় যে, বন বিভাগে জানিব দিয়া মতে বন বিভাগৰ কৰ্মচাৰী কম থকা বাবে এছ এছ বি নতুবা সেনাৰ সহায় লৈহে অভিযান চলাব লগীয়া হয় ।