চিৰাং , 06 মে' : ইউ.পি.পি.এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ময়ে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনীৰ 33 আৰু 34নং ভোটগ্ৰহণ কেন্দ্ৰৰ বুজ ল'বলৈ যায় ৷ ভোটকেন্দ্ৰ কেইটাত উপস্থিত হৈ তেওঁ কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তেওঁয়েই জয়ী হ'ব বুলি আশাবাদী ৷
23 মে'ত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ই ভি এমৰ মকপ'ল সমূহ ডিলিট নকৰাকৈয়ে ভোটগ্ৰহণ কৰাৰ ফলত ৰাতিপুৱা 11 বজাৰ পৰা ভোটগ্ৰহণ বন্ধ কৰিব লগীয়া হৈছিল। পৰৱৰ্তী সময়ত ৰাইজৰ দাবীত নিৰ্বাচন আয়োগে কেন্দ্ৰ দুটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাচতে আজি বিজনী বিধানসভাৰ 33 আৰু 34নং ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷