ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী - নিচাযুক্ত দ্ৰব্য

বৃহস্পতিবাৰে বিয়লি ভাগত চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ(তিনিআলি) গাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য,ভূটানী টকাৰ সৈতে দুজনক আটক কৰে আৰক্ষীয়ে ৷ লোক দুজন জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰী(চুত্ৰাবস্তি)ৰ বাসিন্দা শ্যাম মাৰ্ডী(31) আৰু পিংকু বিশ্বাস(29) বুলি চিনাক্ত ৷

Huge drugs seized in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী
author img

By

Published : Oct 8, 2020, 10:22 PM IST

চিৰাং,8 অক্টোবৰ: চিৰাঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য,ভূটানী টকাৰ সৈতে আটক দুজন । বৃহস্পতিবাৰে বিয়লি 5 বজাত চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ(তিনিআলি) গাঁৱত ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোক দুজনক ৷

উল্লেখ্য যে,A-AS-01V-0741 নম্বৰৰ এখন মাৰুতি ভানেৰে ছাতিপুৰ গাঁৱত প্ৰৱেশ কৰিছিল শ্যাম মাৰ্ডী(31) আৰু পিংকু বিশ্বাস(29) নামৰ লোক দুজনে । দুয়োজন লোক জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰী(চুত্ৰাবস্তি)ৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ যাত্ৰী হিচাপে গাড়ীখনত তেওঁলোকে দাদগিৰীৰ শিশুসহ আন তিনিজন লোকক উঠাই আনিছিল ।

Huge drugs seized in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী

আটকাধীন লোক দুজনে জনোৱা মতে,বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ পৰা তেওঁলোকে বিক্ৰীৰ বাবে নিচাজাতীয় নাইট্ৰজেন বড়ি 500 টা আৰু এচপিএচপিহেন প্লাচ কেপচুল 3496টা কিনিছিল ।

আৰক্ষীয়ে তালাচী চলাই লোকৰ দুজনৰ পৰা দুটা মোবাইল ফোন,ভাৰতীয় 1,220 টকা আৰু ভূটানী নোট 1,776 টকা উদ্ধাৰ কৰে । দীৰ্ঘদিনৰ পৰাই লোক দুজনে সীমান্তৰ দাদগিৰি অঞ্চলৰ লগতে চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ঘটনাস্থলীত চিৰাং জিলা (সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি,ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজিত দাধৰা উপস্থিত হৈ লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত ঔষধখিনি জব্দ কৰি ঢালিগাঁও থানাত গোচৰ পঞ্জীয়ন কৰে ।

আনহাতে যদি ছাতিপুৰ গাঁৱৰ কোনো লোক এই ঘটনাত জড়িত হৈ আছে,তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় গাঁওবাসীয়ে ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.