ETV Bharat / state

Medicines destroyed: চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত জ্বলিল লাখ লাখ টকাৰ ঔষধ

author img

By

Published : Dec 3, 2021, 2:12 PM IST

চিৰাঙৰ কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয়ত চলিছে এতিয়া অনিয়ম ৷ ৰোগীক ঔষধ প্ৰদান নকৰি চিকিৎসালয়ৰ কতৃপক্ষই জ্বলালে লাখ লাখ টকাৰ ম্যাদ উকলা ঔষধ (Hospital Burns Expired Medicines at Kajalgaon) ৷

jsb-civil-hospital-authorities-burn-expired-medicines-at-kajalgaon-in-chirang
চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত জ্বলিল লাখ লাখ টকাৰ ঔষধ

চিৰাং, 3 ডিচেম্বৰ : চিৰাঙৰ কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয় (JSB Civil Hospital Chirang)ত চিকিৎসালয়ৰ কতৃপক্ষই জ্বলালে লাখ লাখ টকাৰ ম্যাদ উকলা ঔষধ । চিকিৎসালয়ৰ চিকিৎসক ডাঃ পি এন পাটিলে জনায় যে, ম্যাদ উকলা ঔষধবোৰহে জ্বলাই দিয়া হৈছে । কিন্তু আচৰিত কথা এয়ে যে, চিকিৎসালয়খনত ইমান টকাৰ ঔষধ থকা স্বত্বেও চিকিৎসকসকলে চিকিৎসালয়খনলৈ চৰকাৰীভাৱে যোগান ধৰা ঔষধ প্ৰদান নকৰে ৰোগীক, যাৰ বাবে ৰোগীয়ে বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় ঔষধ ৷

নিয়ম অনুসৰি ম্যাদ উকলা ঔষধ ঔষধ নিৰ্মাণ কোম্পানীলৈ ঘূৰাই পঠাব লাগে ,এনেদৰে ঔষধ জ্বলোৱাৰ কোনো নিয়ম নাই ৷ কিন্তু চিকিৎসালয়খনৰ অনিয়ম ঢাকি ৰখাৰ স্বাৰ্থত এনেদৰে এতিয়া ম্যাদ উকলা ঔষধসমূহ ঔষধ নিৰ্মাণ কোম্পানীলৈ ঘূৰাই নিদি জ্বলাই দিবলগীয়া হৈছে চিকিৎসালয়ৰ কতৃপক্ষই (Hospital Burns Expired Medicines at Kajalgaon) ৷

চিকিৎসালয়খনত চলি থকা এনে অনিয়মৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল চিৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.