বঙাইগাঁও,4 জুলাই : বঙাইগাঁও জিলাৰ পঞ্চপুৰ বজাৰৰ ওচৰত মংগলবাৰে এটা সুগৰী পহু উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ ওচৰৰে ভূমেশ্বৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা পহুটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি বঙাইগাঁও আই ভেলী বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে ৷ পাচত বন বিভাগৰ তৎপৰতাত পহুটো উদ্ধৰ কৰি পুনৰ পাহাৰৰ জংঘলত এৰি দিয়ে ৷
স্থানীয় লোকে প্ৰকাশ কৰা মতে উক্ত ভূমেশ্বৰ পাহাৰত সুগৰী পহুৰ লগতে বিভিন্ন জীৱ-জন্তুৰ বিচৰণ আৰু বাস কৰে ৷ পাহাৰত বগা বৰণৰ হৰিণ থকা বুলিও প্ৰকাশ কৰে একাংশই ৷