ETV Bharat / state

বড়োভূমিত সংঘাত সৃষ্টি কৰা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মাঃহাগ্ৰামা মহিলাৰী - বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী

বিটিচিত বড়ো-অবড়োৰ বিভাজন তথা সংঘাত লগোৱাৰ মূল মানুহ জনেই হ'ল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে চিৰাঙৰ এখন নিৰ্বাচনী সবাত অংশগ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য কৰে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰ সাম্প্ৰদায়িক ।মন্ত্ৰীগৰাকীয়ে বড়োভূমিত কেৱল সংঘাত বিচাৰে ৷ দিল্লী-দিছপুৰত বিজেপিৰে বুজাবুজি তথা মিত্ৰতা থাকিলেও বিটিচিত অকলেই বিপিএফে নিৰ্ব্বাচন খেলিব লগীয়া হৈছে বুলি কয় হাগ্ৰামাই।

himanta-biswa-sarma-is-the-man-who-cause-the-big-conflict-at-bodoland
বড়োভূমিত সংঘাত সৃষ্টি কৰা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মাঃহাগ্ৰামা মহিলাৰী
author img

By

Published : Nov 10, 2020, 2:55 PM IST

চিৰাং, 9 নৱেম্বৰঃ বিটিচিত বড়ো-অবড়োৰ বিভাজন তথা সংঘাত লগোৱাৰ মূল মানুহজনেই হ'ল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে চিৰাঙৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য কৰে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰ সাম্প্ৰদায়িক । মন্ত্ৰীগৰাকীয়ে বড়োভূমিত কেৱল সংঘাত বিচাৰে ৷ দিল্লী-দিছপুৰত বিজেপিৰে বুজাবুজি তথা মিত্ৰতা থাকিলেও বিটিচিত অকলেই বিপিএফে নিৰ্ব্বাচন খেলিব লগীয়া হৈছে বুলি কয় হাগ্ৰামাই।

বড়োভূমিত সংঘাত সৃষ্টি কৰা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মাঃহাগ্ৰামা মহিলাৰী

ইপিনে মন্ত্ৰীগৰাকীৰ সৈতে বুজাবুজি থাকিলেও দুয়ো দুয়োকে গালি দিয়ে আৰু ৰাজনীতিত এইবোৰ হয়েই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।বিপিএফৰ মূৰব্বীগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে,হিমন্ত বিশ্ব শৰ্মা বিটিচি নিৰ্ব্বাচনৰ প্ৰচাৰৰ বাবে নহাই ভাল । কাৰণ অসমৰ প্ৰভাৱশালী ব্যক্তি হৈয়ো মন্ত্ৰীগৰাকীয়ে কেৱল মাত্ৰ আঢ়ৈ হেজাৰ লোকক লৈ সভা কৰে ,সেইয়া লাজৰ কথা। তদুপৰি শৰ্মাই যিমানেই চেষ্টা নকৰক কিয় বিপিএফেই একক সংখ্যাগৰিষ্ঠতা লৈ বিটিচিৰ পৰিষদ গঠন কৰিব বুলি দাবী কৰে হাগ্ৰামাই।

Himanta Biswa Sarma is the man who cause the big conflict at bodoland

লক্ষ্যণীয়ভাৱে,সভাত মন্ত্ৰী চন্দন ব্ৰহ্মইও বিটিচি ভংগৰ বাবে মুকলি প্ৰত্যাহ্বান জনায় সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ অন্যথা বিটিচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বন্ধ কৰিবলৈ আহ্বান জনায় ব্ৰহ্মই।

আনহাতে, চিৰাং জিলাৰ গয়বাৰীত সোমবাৰে বিটিচিৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ছাইকং বসুমতাৰীৰ হৈ চলোৱা এই নিৰ্বাচনী প্ৰচাৰ অভিযানত বিপিএফ মূৰব্বী হাগ্ৰামা মহিলাৰী,মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী,মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰীয়াৰানী ব্ৰহ্মকে আদি কৰি বহুকেইজন নেতা ৷

লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.