বঙাইগাঁও,25 আগষ্টঃএগৰাকী বৃদ্ধা আৰু এটা সৰু কোঠা ৷ এই কোঠাটোতেই জীৱন সংগ্ৰাম এগৰাকী বৃদ্ধাৰ ৷ বৃদ্ধাগৰাকীৰ নাম ডালিমী ৰায় ৷ বঙাইগাঁও সদৰ থানাৰ সন্মুখৰ বাগান ৰোডত আছে এই কোঠাটো ৷ সদৰ থানাৰ পৰা এশ মিটাৰ দূৰত পথৰ দাতিত ড্ৰেইনৰ ওপৰত থকা এটা সৰু কোঠাত আৱদ্ধ হৈ আছে বৃদ্ধা গৰাকী । চহৰৰ মাজত অনাই বনাই ঘুৰি ফুৰা এইগৰাকী বৃদ্ধা যোৱা এটা বছৰৰ পৰা এই সৰু কোঠাত বাস কৰি আহিছে ৷
পৰিয়াল বুলিবলৈ কোনো নাই তেওঁৰ ৷ ভাতৃ আছে কিন্তু খবৰ নলয় ৷ কোনোবাই কোঠালিটোলৈ জুমি চালেই তেওঁ বিচাৰে সহায় ৷ মানৱতাৰ নিদৰ্শন দাঙি ধৰি ওচৰৰ লোকসকলে দুবেলা দুমুঠি খাবলৈ দিয়ে তেওঁক ৷ কিন্তু খবৰ লবলৈ আহৰি নাই অসম চৰকাৰৰ বিয়াগোম সমাজ কল্যাণ বিভাগৰ ৷ আজিকোপতি চহৰৰ মাজ মজিয়াতে থকা বৃদ্ধাগৰাকীলৈ চকু নপৰিল জিলা প্ৰশাসনৰো । স্বেচ্ছাসেৱী সংস্থা মাৰৱাৰী যুৱ মঞ্চই দান কৰা এই সৰু কোঠাটোতেই মহ-পোক পৰুৱাৰ মাজত এই দৰেই দিন অতিবাহিত কৰিছে ডালিমী ৰায়ে ।
এতিয়া প্ৰশ্ন হয় সচাকৈয়ে উন্নয়নে বাৰু সৰু বৰ সকলোকে সামৰিব পাৰিছেনে?