চিৰাং,1 এপ্ৰিল: বৃহস্পতিবাৰে চিৰাঙৰ চিদলী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ ভাৰত-ভূটান সীমান্তৰ আমটেকাত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰহৈ প্ৰচাৰ চলাই হাগ্ৰামাই ৷ ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্তক কটাক্ষ কৰি মহিলাৰীয়ে কয়, বিজেপি মূৰ্খৰ দল ৷ শিক্ষিত লোকক গুৰুত্ব নিদিয়ে বিজেপিয়ে, আমাৰ মহাজোঁটত থকা প্ৰতি গৰাকী লোকে শিক্ষিত ৷ হিমন্তই আমাৰ প্ৰতীক নাঙলক মিউজিয়ামত থ'ব নোৱাৰে দুদিন পাচত আমিহে হিমন্তক বাংলাদেশৰ মিউজিয়ামত থৈ আহিম ৷
![2 মে'ৰ পিচত ৰাজ্যবাসীয়ে বিজেপিৰ শ্ৰাদ্ধ পাতিব: হাগ্ৰামা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chiranghagramacampaign-vis-10012_01042021181555_0104f_1617281155_458.jpg)
একেখন সভাতে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি হাগ্ৰামাই কয়, মোদীয়ে অসম তথা বিটিচিৰ বাবে একো কাম কৰা নাই ৷ ধৰ্মৰ নামত ৰাজনীতি কৰি কেৱল গোষ্ঠীগত সংঘৰ্ষৰহে সৃষ্টি কৰিছে ৷ বিটিচি উন্নয়নৰ বাবে ঘোষণা কৰা এহেজাৰ কোটি টকাৰ এটকাও নিদিলে ৷ গতিকে বিটিচিত কেৱল হাগ্ৰামাইহে কাম কৰিব পাৰিব ৷ সেয়েহে 2 মে'ত ৰাজ্যবাসীয়ে বিজেপিৰ শ্ৰাদ্ধ পাতিব ৷ আমি অনাগত দিনটো নাঙলৰ ছবিতে ইলেকচন খেলিম, কাৰো লগত আণ্ডাৰষ্টেণ্ডিং নকৰো ৷