ETV Bharat / state

বিটিআৰ নামাকৰণক গোৰ্খা সমাজৰ আদৰণি - ভাৰতৰ প্ৰধান মন্ত্ৰী

চিৰাঙৰ গৰুভাষাত গোর্খা সমাজৰ বুদ্ধিজীৱি সকলৰ এখন সভা অনুষ্ঠিত হৈ যায় ৷ বিটিআৰত বাস কৰা গোৰ্খা সমাজৰ লোকসকলে বিভিন্ন সময়ত সন্মুখীন হৈ অহা সমস্যা আৰু সমাধান সম্পৰ্কত আলোচনা কৰাৰ লক্ষ্যেৰে অনুষ্ঠিত হয় এই সভা ৷ বি টি চিক সলাই বি টি আৰ কৰা কাৰ্যক আদৰণি জনাই চৰকাৰক ধন্যবাদ বি টি আৰ গোর্খা সমাজৰ উপদেষ্টা মাধৱ ছেত্ৰীৰ ৷ বি টি আৰ গোর্খা সমাজৰ উদ্যোগত চিৰাং জিলাৰ গৰুভাষা গোর্খা ভৱনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ গোর্খা বুদ্ধিজীৱি সকলৰ মাজত এই আলোচনা অনুষ্ঠিত হয় ৷

বিটিআৰ নামাকৰণক গোৰ্খা সমাজৰ আদৰণি
বিটিআৰ নামাকৰণক গোৰ্খা সমাজৰ আদৰণি
author img

By

Published : Oct 9, 2020, 11:00 AM IST

চিৰাং, 9 অক্টোবৰ: বিটিআৰত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যে বি টি আৰ গোর্খা সমাজৰ উদ্যোগত চিৰাঙত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ গোৰ্খা বুদ্ধিজীৱি সকলৰ মাজত আলোচনা অনুষ্ঠিত ৷ গোৰ্খা জনগোষ্ঠীৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক, প্ৰাপ্য অধিকাৰ আদায় তথা অসম চুক্তিৰ 6 নং দফাত খিলঞ্জীয়া গোৰ্খা সকলক অন্তৰ্ভুক্তিকে আদি কৰি বিভিন্ন সমস্যা আৰু সমাধানৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হয় ৷ উক্ত আলোচনাত ভাগ লৈ বি টি আৰ গোৰ্খা সমাজৰ উপ সভাপতি ডিম্বেশ্বৰ উপাধ্যায়ে কয় যে গোর্খা জনগোষ্ঠীটোৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে বি টি আৰ সমাজে আপোচবিহীনভচবে কাম কৰি যাব । বি টি আৰ গোর্খা সমাজৰ উপদেষ্টা মাধৱ ছেত্ৰীয়ে বি টি চিক সলাই বি টি আৰ কৰা কাৰ্যক আদৰণি জনাই চৰকাৰক ধন্যবাদ দিয়াৰ লগতে বিটিচিত গোর্খাৰ একো উন্নতি হোৱা নাই বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ বাবে বিটিচিতকৈ বিটিআৰ বহুগুণে ভাল হ’ব বুলি মন্তব্য প্ৰদান কৰে । সভাত ভাষণ প্ৰসংগত অসম চুক্তিৰ ছয় নং দফাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসমৰ খিলঞ্জীয়া গোর্খাক অন্তৰ্ভুক্ত কৰাৰ বাবে গোর্খা সমাজে কাম কৰি আছে ৷ এই ক্ষেত্ৰত গোর্খা সমাজেও শীঘ্ৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব ।

বিটিআৰ নামাকৰণক গোৰ্খা সমাজৰ আদৰণি
বিটিআৰ নামাকৰণক গোৰ্খা সমাজৰ আদৰণি

উক্ত সভাত গোৰ্খা সমাজৰ বহুকেইজন বুদ্ধিজীৱিয়ে বি টি আৰত বাস কৰা গোর্খা সকলৰ সমস্যাৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়ায় । সভাত বি টি আৰত বসবাস কৰা গোর্খা সকলক ন্যায় প্ৰদানৰ বাবে অহৰহ কাম কৰা,অসম চুক্তিৰ ছয় নং দফাত গোর্খা জনগোষ্টীক অন্তৰ্ভুক্তিৰ বাবে স্থিতি স্পষ্ট কৰাৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক সাক্ষাৎ কৰা ,বি টি আৰ চুক্তিৰ জৰিয়তে গোর্খা সকলৰ ৰাজনৈতিক আৰ্থ সামাজিক আদি সকলো সমস্যাৰ সমাধান বিচাৰি সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগক সাক্ষাৎ কৰা, জাতীয় দল সংগঠন সমূহক এক কৰি জাতীয় সমস্যাৰ সমাধানৰ উপৰিও জনগোষ্ঠীক সুৰক্ষিত কৰাৰ বাবে কাম কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়। প্ৰায় দুই শতাধিক লোকে অংশ লোৱা সভাত বি টি আৰ গোর্খা সমাজৰ উপদেষ্টা সোম নাথ সুবেদী, কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি ভোলা ভণ্ডাৰী,চিৰাং জিলা কমিটিৰ সম্পাদক গণেশ বহৰা ,অসম নেয়াৰ সমাজৰ সভাপতি উপৰিও কোকৰাঝাৰ আৰু চিৰাং জিলাৰ গোর্খা সমাজৰ সভাপতি-সম্পাদক উপস্থিত থাকে ।

লগতে পঢ়ক: আজমলৰ সভাত আৰৱী ভাষা ব্যৱহাৰৰ বিৰোধিতা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.