চিৰাং,14 জানুৱাৰী: আজি ভোগালী বিহু ৷ হেপাহৰ ভোগালী বিহুটি উদযাপন কৰাত ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী ৷ কিন্তু ভোগালীৰ আনন্দ-উল্লাসৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ বিজনী অগ্ৰঙত একাংশ দুষ্টলোকে পাতিছে ঝাণ্ডী মুণ্ডাৰ জুৱা ৷ আৰক্ষীৰ চকুত ধুলি দি মুকলি ভাৱে চলিছে এই জুৱা খেল ৷
উল্লেখ্য যে,চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত অগ্ৰং গাঁৱত ভোগালী বিহুৰ মাজতে দিন দূপৰতে বিজনী আৰক্ষীৰ চকুত ধুলি দি একাংশ দুষ্ট চক্ৰৰ দ্বাৰা অনুষ্ঠিত হয় ঝাণ্ডী মুণ্ডাৰ-জুৱা তথা ডাব্বু খেল ৷ একাংশ সুবিধাবাদী ব্যক্তিয়ে সুযোগ বুজি গাঁও খনত এই খেল অনুষ্ঠিত কৰে বুলি অভিযোগ ৰাইজৰ । সাধাৰণ পূজা-পাৰ্বনৰ সুযোগ গ্ৰহণ কৰিয়েই এই সকল লোকে আৰক্ষীৰ চকুত ধুলি দি চলাই গৈছে অবৈধ জুৱা খেল । এই ক্ষেত্ৰত কোনো তৎপৰতা নাই আৰক্ষীৰ ৷
লগতে পঢ়কঃ চিকাৰী তিছ'লৈ লিংগুইষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰদান