চিৰাং, 26 ছেপ্টেম্বৰ: দেওবাৰে জাফাই চিৰাঙৰ দেউশ্ৰিত আয়োজন কৰে এটা বিশেষ স্বাস্থ্য সেৱা শিবিৰ (JAFA organized Free health check-up camps) । অসমৰ আগশাৰীৰ সাংবাদিক সংগঠন জাৰ্নেলিষ্ট এচোচিয়েশ্যন ফ’ৰ আছাম (Journalist Association For Assam) চমুকৈ জাফাৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে চিৰাং জিলাৰ ভূটান সীমান্তৰ অতিকে ভিতৰুৱা দেউশ্ৰিত অনুষ্টিত কৰা হয় এই বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰৰ (Free health check-up camps in Chirang) ।
দেউশ্ৰিৰ অতিকে দৰিদ্ৰ তথা শ্ৰমজীৱি তিনি শতাধিক লোকে এই স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰে । জাফাৰ চিৰাং জিলা সমিতিৰ এই কাৰ্যসূচীত সহযোগিতা কৰে মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন বঙাইগাঁও জিলা সমিতি, বঙাইগাঁও স্বাগত হাস্পতাল আৰু ৰিচাৰ্চ চেন্টাৰৰ লগতে সদৌ চাউতাল ছাত্ৰ ইউনিয়নৰ চিৰাং জিলা সমিতি আৰু চিৰাং জিলা স্বাস্থ্য বিভাগ । ভূটান সীমান্তৰ দেওশ্ৰী টিবিতোলা গাঁৱৰ অংগনবাদী কেন্দ্ৰত অনুষ্টিত হয় এই স্বাস্থ্য সেৱা শিবিৰ ।
উপযুক্ত ঔষধ কিনাৰ সামৰ্থ নথকা দৰিদ্ৰ লোক, ছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধ ৰোগীৰ সুবিধাৰ্থে জাফাই এই শিবিৰৰ আয়োজন কৰিছিল ৷ অনুষ্ঠানত চিৰাং জিলাৰ নিৰ্বাচনী বিষয়া পাৰ্থপ্ৰতিম বৰুৱা (Election Officer Partha Pratim Baruah) উপস্থিত থাকি সাংবাদিক সংস্থা জাফাৰ এই ধৰণৰ জনকল্যানমূলক কাৰ্যসূচীৰ শলাগ লোৱাৰ লগতে অতিকে পিচপৰা অঞ্চলসমূহত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাবৰ বাবে অনুৰোধ জনায় ।
বঙাইগাঁও জিলা চিআৰইউ(এনইআৰ)ৰ সহকাৰী সম্পাদক ধনজিৎ দাসসহ কেবাজনো বিষয়ববীয়া, সদৌ চাউতাল ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দুৰ্গা ছোৰেনৰ লগতে জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, উপ সভাপতি ছৈয়দ আফতাব আলীসহ জাফাৰ চিৰাং জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে জিলাখনৰ বহু সাংবাদিক স্বাস্থ্য সেৱা শিবিৰটোত উপস্থিত থাকে ।
লগতে পঢ়ক: হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন