চিৰাং,12 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীৰ বল্লামগুৰিত এন ডি এফবিৰ চাৰিওটা গোটৰ গোপন বৈঠক । মঙলবাৰে অনুষ্ঠিত হয় এই গোপন বৈঠকখন। ভাৰত-ভূটান সীমান্তৰ বল্লামগুৰিত হঠাতে এন ডি এফ বিৰ চাৰিওটা গোটৰ বৈঠকত কি আলোচনা হ'ল সেই বিষয়ে এন ডি এফ বি প্ৰগতিশীলৰ নেতা গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমক জনায় যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বেই এন ডি এফ বিৰ চাৰিওটা গোটে আলোচনা কৰিহে চুক্তি স্বাক্ষৰ কৰিছিল। আজিৰ সভাত চাৰিওটা গোটৰ সভাপতি সকল ক্ৰমে ধীৰেন বড়ো,গোবিন্দ বসুমতাৰী,ৰঞ্জন দৈমাৰী আৰু ছাউৰাইগৌৰাসহ কেবাজনো নেতা উপস্থিত থকা আজিৰ সভাত বিশেষকৈ নতুন কোনো ৰাজনৈতিক দল গঠন নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে । কিয়নো যিহেতু ইতিমধ্যে দুটা ৰাজনৈতিক দল আছেই ক্ৰমে বিপিএফ আৰু ইউপিপিএল । বিটিআৰ চুক্তিৰ দফা সমূহৰ সফল ৰূপায়ণৰ বাবে চৰকাৰ পৰিৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁলোকে সভাত বিটিআৰৰ সীমা বৰ্ধিত কৰা আৰু সকলো জাতি জনগোষ্ঠীৰ সৈতে সমিল মিলেৰে শান্তিৰ বাতাবৰনেৰে বিটিআৰৰ সৰ্বোতপ্ৰকাৰৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে। পৰৱৰ্তী বৈঠকত তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কোন ৰাজনৈতিক দলৰ সৈতে থাকি বিটিআৰৰ গঠন কৰিব আৰু তাৰ দফা সমূহৰ সফল ৰূপায়ণৰ বাবে কাম কৰিব। এন ডি এফ বিৰ সদস্য সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহৰ নিষ্পত্তি আৰু তেওঁলোকক কৰ্ম সংস্থাপন দিয়াৰ সন্দৰ্ভতো তেওঁলোকৰ সভাত আলোচনা হয়। এই যাৱতীয় কাম সমূহ ৰূপায়ণৰ বাবে আৰু বিটিআৰৰ শান্তি সম্প্ৰীতিৰে সকলো জাতী জনগোষ্ঠীক লগত লৈ উন্নয়নৰ বাবে এখন ভাল চৰকাৰৰ প্ৰয়োজন হ'ব আৰু সেয়ে চৰকাৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
![FOUR NDFB GROUP HELD SECRET MEETING IN CHIRANG ASSAM ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6049479_chirangg.jpg)
এই সভাৰ পিচতেই আজি চিৰাং জিলাৰ বিজনীৰ উত্তৰে ভাৰত-ভূটান সীমান্তৰ পানবাৰীৰ মানশ্ৰি বজাৰত বিপিএফে আয়োজন কৰে এক সম্বৰ্ধনা সভাৰ । এন ডি এফ বি (এছ)ৰ সভাপতি বি ছাউৰাগৌৰাক সম্বৰ্ধনা জনায় বিভিন্ন দল সংগঠনে। বিজনী জিলা বিপিএফৰ সভাপতি সুভাস বসুমতাৰীৰ সভাপতিত্বত অনুষ্টিত এই সভাত এন ডি এফ বি নেতৃত্বৰ লগতে বিজনী সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে কমল কুমাৰ ব্ৰহ্ম আৰু ৰোমিঅ ব্ৰহ্ম উপস্থিত থকাৰ লগতে কেইবাশ স্থানীয় লোক উপস্থিত থাকে । সভাত এন ডি এফ বি (এছ)ৰ সভাপতি বি ছাউৰাগৌৰাই কয় যে হয় আমি কালি চিৰাঙৰ বল্লামগুৰিত এন ডি এফ বিৰ চাৰিওটা গোট একত্ৰিত হৈ দীৰ্ঘ সময় সভাত মিলিত হৈছিলো । তাত আমি চাৰিওটা গোটৰ নেতৃত্ব একগোট হৈ কাম কৰাৰ বিষয়ে আলোচনা হৈছে । আমাৰ একত্ৰীকৰণ সম্পূৰ্ণৰূপে হোৱা নাই যদিও শীঘ্ৰেই হোৱাৰ পথত।
আমি সদস্যসহতে কোনো ৰাজনৈতিক দল গঠনৰ বিষয়ে আলোচনা কৰা নাই লগতে কোন ৰাজনৈতিক দলত থাকিম সেই বিষয়েও কোনো আলোচনা হোৱা নাই । এটা কথা স্পষ্ট যে আমি শাসনত আহিবই লাগিব । শাসনত অহাৰ বাবে বিশেষ ব্যৱস্থা ল'ব লাগিব । এই খিনিতে উল্লেখ কৰিব লাগিব যে কালি গোপনে এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতৃত্ব চিৰাং জিলাৰ বিজনীৰ বল্লামগুৰিত সভাত মিলিত হৈছিল আৰু একত্ৰিত হৈ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়ালৈ চাৰিওটা গোট সম্পূৰ্ণৰূপে একত্ৰিত হৈ উঠা নাই । পৰৱৰ্তী সময়ত সেয়া হৈ উঠিব । মুঠতে যিকোনো প্ৰকাৰে বিটিআৰ চুক্তি স্বাক্ষৰকাৰী সকলে শাসনত আহিব লাগিব নহ'লে বিটিআৰ চুক্তিৰ দফা সমুহ কাৰ্যকৰী কৰা আৰু এন ডি এফ বিৰ সদস্য সকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি জনায় । আনহাতে তেওঁলোকে স্পষ্টকৈ ঘোষণা কৰিছে কোনো নতুন ৰাজনৈতিক দল গঠন নহয় । তেন্তে বিটিচিৰ ৰাজনৈতিক পট পৰিৱৰ্তন কৰি বিজেপি,বিপিএফ নে ইউ পি পি এললৈ যাব বিটিআৰ চুক্তি স্বাক্ষৰকাৰী সকল সেয়া এই সময়ত গম পোৱা যাব ৷
![FOUR NDFB GROUP HELD SECRET MEETING IN CHIRANG ASSAM ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6049479_ndfb.jpg)
লগতে চাওকঃচলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী